আৰোহণৰ অধীনত দৰঙৰ মেধাৱী শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণৰ শুভাৰম্ভ 

আৰোহণৰ অধীনত দৰঙৰ মেধাৱী শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণৰ শুভাৰম্ভ 

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে যোৱাকালি ‘আৰোহণ আঁচনি, ২০২৩’ ৰ অধীনত দৰং জিলাৰ মেধাৱী শিক্ষাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলা আয়ুক্তগৰাকীয়ে সেউজীয়া পতাকা জোকাৰি আৰোহণ,২০২৩ ৰ অধীনত নিৰ্বাচিত মেধাৱী শিক্ষাৰ্থী(মেন্টীজ)সকলৰ গুৱাহাটী অভিমুখী যাত্ৰাৰ শুভাৰম্ভ কৰে। যোৱাকালিৰ পৰা অহা ১৬ তাৰিখলৈকে চলিবলগীয়া এই শিক্ষামূলক ভ্ৰমণে আই,আই,টি গুৱাহাটীকে ধৰি গুৱাহাটীত অৱস্থিত বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠান, চিৰিয়াখানা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আদি অনুষ্ঠান- প্ৰতিষ্ঠানক সামৰি ল’ব । এই উপলক্ষে মঙলদৈ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে শিক্ষাৰ্থীৰ জীৱনত এনে ভ্ৰমণৰ গুৰুত্বৰ কথা উল্লেখ কৰে। এনে ভ্ৰমণে ছাত্ৰ -ছাত্ৰীক শৈক্ষিকভাৱে সমৃদ্ধ কৰাৰ লগতে তেওঁলোকৰ সু-ব্যক্তিত্ব গঢ় দিয়াতো সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। উক্ত অনুষ্ঠানত দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত নৱদীপ চাংমাই, উপাসনা দত্তৰ লগতে শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, শিক্ষক, অভিভাৱকসকল উপস্থিত থাকে।