আৰু এটি বসন্তৰ গান – মৃগাংক বৰুৱা

আৰু এটি বসন্তৰ গান

মৃগাংক বৰুৱা,
বনগাঁও(কছাৰীহাট),গোলাঘাট

অজানিতে কিয় জানো
মাত-কথা, মন-প্ৰাণ
অজান সুৰ এটি হৈ
নিবিড় হ’ব খোজে ইমান

পুনৰ আন এটি বসন্ত
বুকুত কঢ়িয়াই নিবলৈকে…

মাথোঁ তুমি মোৰ সুহৃদয় হোৱা
খুলি দিয়া বন্ধ খিড়িকীখন
সোমাই আহক অবাধে
এটি গান…
সৰি পৰক স্নিগ্ধ জোনটি
সৰি পৰক গ’লি গ’লি
টোপাল টোপাল ম’মৰ পোহৰ
তাৰে পোহৰত পঢ়িম
বেলিটিৰ দৰে ৰঙা লা এটুকুৰাৰে
বন্ধ কৰি দিয়া
একান্ত নীলা শব্দৰ চিঠিখন
সেই শব্দৰ পৰাই পোখা মেলক
এটি বসন্তৰ গান
আৰু এটি বসন্তৰ গান…