আৰম্ভ হ’ল অসম গ্ৰন্থমেলা , বঙাইগাঁও

আৰম্ভ হ’ল অসম গ্ৰন্থমেলা , বঙাইগাঁও
পঢ়ুৱৈৰ মনৰ খোৰাক যোগাবলৈ গান্ধী ময়দানত বাছকবনীয়া গ্ৰন্থ সম্ভাৰ
গ্ৰন্থই জ্ঞানৰ পোহৰ বিলাই সমাজ-সভ্যতাক আলোকিত কৰেঃ ড° সমুদ্ৰগুপ্ত কাশ্যপ
কিতাপৰ সৈতে জৰিত হৈ আছে মানুহৰ চিন্তাৰ ইতিহাসঃ ড° জ্যোতিৰ্ময় প্ৰধানী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি আজিৰে পৰা পশ্চিম অসমৰ অন্যতম বাণিজ্যিক প্ৰাণকেন্দ্ৰ বঙাইগাঁৱত আৰম্ভ হ’ল ২০২৫-২৬ ৰ প্ৰথমখন অসম গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আঠদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৪ বজাত উদ্বোধন কৰা হয় ৷ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিপৰূপে অংশগ্ৰহণ কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ, সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে গ্ৰন্থ হৈছে জ্ঞানৰ সঁফুৰা ৷ গ্ৰন্থই সভ্যতাৰ স্তৰ ধৰি ৰাখে আৰু জ্ঞানৰ মাৰ্গ দৰ্শন কৰে ৷ গ্ৰন্থই জাতীয় সভ্যতাৰ ভেটি নিৰ্মাণ কৰে ৷ গ্ৰন্থই জ্ঞানৰ পোহৰ বিলাই সমাজ-সভ্যতাক আলোকিত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে গ্ৰন্থমেলা দৰাচলতে পোহৰৰে মেলা ৷ সেই পোহৰ জ্ঞানৰ পোহৰ ৷ কিতাপ যিদৰে অতীতৰ তথ্য ভাণ্ডাৰ সেইদৰে ভৱিষ্যতৰ দুৱাৰো হৈছে কিতাপ ৷ কিতাপে জ্ঞান দিয়ে, ভাষা দিয়ে, আশা দিয়ে, সকলো দিয়ে ৷ কিতাপে গোটেই পৃথিৱীখনকে হাতৰ তলুৱাত তুলি দিব পাৰে ৷ সেয়েহে অভিভাৱকসকলে নিজৰ সন্তানৰ মনত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ দায়িত্বশীলতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷ তেতিয়াহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ মনত অধ্যয়নস্পৃহা জাগি উঠিব আৰু আমি এখন সুস্থ গতিশীল বৌদ্ধিক সমাজ সদায়ে পাই থাকিম ৷ তেওঁ অসমৰ বিভিন্ন ক্ষেত্ৰলৈ বঙাইগাঁৱৰ অৱদানৰ বিষয়ে ভাষণত উল্লেখ কৰি অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ সফলতা কামনা কৰে ৷ আন এগৰাকী বিশিষ্ট অতিথি, মেঘালয়ৰ ৰাজধানী শ্বিলংস্থিত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° জ্যোতিৰ্ময় প্ৰধানীয়ে উল্লেখ কৰে যে কিতাপ অবিহনে এখন সভ্য সমাজ কেতিয়াও গঢ়ি উঠিব নোৱাৰে ৷ বৌদ্ধিক পৰিৱেশ নিৰ্মাণেৰে সুস্থ সমাজ গঠনত গ্ৰন্থমেলাৰ অৱদান অনস্বীকাৰ্য ৷ গ্ৰন্থমেলা মানেই হৈছে জ্ঞানৰ খনি ৷ কিতাপৰ সৈতে জৰিত হৈ আছে মানুহৰ চিন্তাৰ ইতিহাস ৷ গতিকে বঙাইগাঁৱত অসম গ্ৰন্থমেলাৰ আয়োজনে এই বৃহত্তৰ অঞ্চলক বৌদ্ধিকভাৱে সমৃদ্ধ কৰিব ৷ ইয়াৰ ফলত লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থী সকলো পক্ষ উপকৃত হ’ব ৷ উদ্বোধনী সভাত আদৰণী ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ সকলক উৎসাহিত কৰিছে ৷মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷ অসম প্ৰকাশনত পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিগত ২০২৩ বৰ্ষতো বঙাইগাঁৱত অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ইতিবাচক অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছিলোঁ ৷ এইবেলও বঙাইগাঁৱত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ সচিব কলিতাই লগতে কয় যে সম্প্ৰতি মোবাইলৰ ব্যাপক ব্যৱহাৰে গ্ৰন্থ, সংবাদ পত্ৰ, আলোচনী সমূহলৈ সংকট নমাই আনিছে ৷ কিন্তু গ্ৰন্থৰ বিকল্প আন একো হ’ব নোৱাৰে ৷ সেয়েহে ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিলোঁ ৷ এই চেষ্টা সফলতাৰ দিশত অগ্ৰসৰ হোৱা বুলি কয় তেওঁ ৷ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলৰ এটি সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা উদ্বোধনী সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ প্ৰথম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ইয়াৰ নৰনাৰায়ণ জাতীয় বিদ্যালয় আৰু বঙাইগাঁও বি এড্‌ কলেজে ৷