আৰম্ভ হ’ল অম্বুবাচী মেলা

আৰম্ভ হ’ল অম্বুবাচী মেলা

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰম্ভ হ’ল অম্বুবাচী মেলা। নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি। লগে লগে পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ। ২৬ জুনৰ পুৱা পুনৰ খোল খাব মন্দিৰৰ দুৱাৰ। দেশ-বিদেশৰ অসংখ্য ভক্ত, সাধু-সন্যাসীৰ সমাগামেৰে এতিয়া উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু।অম্বুবাচী মেলাক লৈ প্ৰশাসনে নিৰাপত্তামূলক ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মোতায়েন কৰা হৈছে সহস্ৰাধিক নিৰাপত্তাৰক্ষী। নিয়োজিত কৰা হৈছে বহু স্বেচ্ছাসেৱক। সৰ্তকতামূলক ব্যৱস্থা হিচাপে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে।