আৰব আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতিক উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

আৰব আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতিক উষ্ম আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- তৃতীয় ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান ।  দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আলহী ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আলিংগনেৰে আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  মোদীৰ সৈতে বিশেষ বৈঠকত যোগ দিবলৈকে মাথোঁ দুঘণ্টীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহে আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিগৰাকী। ইৰানত খোমেইনিবিৰোধী বিক্ষোভ আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ সাৱধানবাণীৰ মাজতেই ইউএইৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাৰত ভ্ৰমণ তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে সচেতন মহলে। বিমান বন্দৰতেই ৰঙা দলিচাত ‘গার্ড অৱ অনাৰ’ সন্মান প্ৰদৰ্শন কৰা হয় ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক। ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে লোক কল্যাণ মাৰ্গৰ বাসগৃহত দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ।

 

 

এই বৈঠকতেই দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হয় বুজাবুজি চুক্তি । উল্লেখ্য় যে এই আলোচনাৰ পূৰ্বে বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতিক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম এক্সত কয়, মই মোৰ ভাতৃ ইউ এ ইৰ ৰাষ্ট্ৰপতি হিজ হাইনেছ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাবলৈ বিমানবন্দৰলৈ গৈছিলো । তেওঁৰ এই ভ্ৰমণে ভাৰত-ইউ এ ইৰ শক্তিশালী বন্ধুত্বক তেওঁ কিমান গুৰুত্ব দিয়ে সেই কথাকেই প্ৰতিফলিত কৰিছে । আমাৰ আলোচনাৰ বাবে অপেক্ষা কৰিলো ।  ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ তেনেই চমু হ’লেও কূটনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰা হৈছে। কাৰণ প্ৰতিৰক্ষা, বাণিজ্য, ইন্ধন আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে। ধাৰণা কৰা হৈছে ইউএইৰ ৰাষ্ট্ৰপতিৰ তৃতীয় ভ্ৰমণত ইৰানৰ খোমেইনিবিৰোধী বিক্ষোভ, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সাৱধানবাণীক লৈ মধ্য প্রাচ্যত যি অস্থিৰতাৰ সৃষ্টি হৈছে, সেই বিষয়েও আলোচনা হ’ব।