আৰচিবিৰ যশ দয়ালৰ বিৰুদ্ধে নির্যাতনৰ অভিযোগ
ৰঙিলী বাৰ্ত্তাসেৱা- বিপদত পৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ পেচ বলাৰ যশ দয়াল। গাজিয়াবাদৰ এগৰাকী মহিলাই যশ দয়ালৰ বিৰুদ্ধে আনিছে এক ভয়ংকৰ অভিযোগ। বিয়াৰ প্রলোভনেৰে মহিলাগৰাকীক শোষণ কৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে যশ দয়ালৰ বিৰুদ্ধে। মানসিক, আবেগিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি মহিলাগৰাকীয়ে ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অনলাইন প’ৰ্টেল আইজিআৰত অভিযোগ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। ইয়াৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ চক্ৰ বিষয়া (চিঅ’)ৰ পৰা প্ৰতিবেদন বিচাৰি আইজিআৰএছত দাখিল কৰা অভিযোগ সমাধানৰ বাবে ২১ জুলাইলৈকে আৰক্ষীক সময় দিছে। যশ দয়ালৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে ৫ বছৰ ধৰি তেওঁ আৰু দয়ালৰ প্ৰেমৰ সম্পৰ্ক আছে। এই সময়তে ক্রিকেটাৰগৰাকীয়ে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। এজাহাৰত দাবী কৰা হৈছে যে আৰচিবিৰ পেচ বলাৰগৰাকীয়ে মহিলাগৰাকীৰ পৰা ধন লৈছিল আৰু পূর্বেও বহু মহিলাৰ সৈতে একেই কামকে কৰিছিল। মহিলাগৰাকীয়ে দয়ালৰ বিৰুদ্ধে চেট ৰেকৰ্ড, স্ক্রীনশ্বট, ভিডিঅ’ কল আৰু ফটোগ্রাফৰ ৰূপত পৰ্যাপ্ত প্রমাণ থকা বুলিও দাবী কৰে। অভিযোগ তোলে যে তেওঁক দয়ালৰ পত্নী হিচাপে পিতৃ-মাতৃ আৰু আত্মীয়ৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল।