আৰক্ষী বাহিনীৰ বিষয়ে কিছু আলোকপাত – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Wikipedia

আৰক্ষী বাহিনীৰ বিষয়ে কিছু আলোকপাত

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ অহাৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ।ব্ৰিটিছ অহাৰ আগলৈকে অসমত কোনো নিদিষ্ট আৰক্ষী প্ৰশাসন নাছিল। তেতিয়া অসম আহোমৰ শাসনত আছিল। ব্ৰিটিছ অহাৰ পাছতে প্ৰথমবাৰৰ বাবে The Assam Frontier Police গঠন কৰা হৈছিল। আৰু যেতিয়া ১৯৪৭ চনত ভাৰত স্বাধীন হয় তেতিয়াই The Assam Frontier Police ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু ইয়াৰ নাম অসম আৰক্ষীলৈ সলনি কৰা হয়। এতিয়া কথা হ’ল অনুষ্ঠিনিক ভাবে ১৮২৬ চনতে গঠন হোৱা আমাৰ আৰক্ষী বাহিনীৰ বৰ্তমানে ১৯৭ বছৰ পাৰ হোৱাৰ পাছতো আইন,শৃংখলা ৰক্ষাৰ পক্ৰিয়াত কিমান পৰিমাণে সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ ?। আচলতে ভাবিলে এইটো এটা সামান্য কথা নহয় জানো ?। কিন্তু আমিবোৰ নিলাজ ভাৰতীয় বা নিলাজ অসমবাসী । কাৰণ প্ৰয়োজন হ’লে আমি নিজৰে মান-সন্মানৰ প্ৰতি কেৰেপ নকৰোঁ। তাতে ক’ত এনে সামান্য ন্যায়িক ব্যৱস্থা আৰু আৰক্ষী বাহিনী নহয়নে?।চাওঁক ১২১ বছৰ ব্ৰিটিছ শাসনৰ সময়ত আৰু ৭৬ বছৰ ভাৰতৰ স্বাধীনতাৰ পিছত আমি নিজকে কিমান পৰিবৰ্তন কৰিবলৈ সক্ষম হলো সেই কথাবোৰ আচলতে আমাৰ আৰক্ষী বাহিনীক লক্ষ্য কৰিলে বহু সুন্দৰকৈ উপলব্ধি কৰিবলৈ সক্ষম হ’ম। ব্ৰিটিছৰ সময়ৰ পৰা আজিলৈকে আমাৰ মাজত বা আৰক্ষী বাহিনীৰ মাজত কিছু কিছু ক্ষেত্ৰত পৰিবৰ্তন আহিছে হ’লেও বেছিভাগে ক্ষেত্ৰতে সেইবোৰ একেধৰণৰ ন্যায়িক ব্যৱস্থা পৰিলক্ষিত হোৱা দেখা যায়। আচলতে এটা আৰক্ষী পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছতো নিজেই আইন অমান্য কৰা অৰ্থাৎ আৰক্ষী এজনে মদ্যপান,মাদক দ্ৰব্যৰ সেৱন কৰি যতে তোতে ফুটনি মাৰি ফুৰা, সাধাৰণ জনসাধাৰণৰ পৰা অবৈধ টকা বিচাৰি হাৰাশাস্তি কৰা, উপযুক্ত ব্যক্তিক প্ৰতি ন্যায়িক ব্যৱস্থা গ্ৰহণ নকৰা,এজন আৰক্ষী হিচাপে নিজ স্বাস্থ্যৰ প্ৰতি অলপো সচেতন নোহোৱা,এইধৰণৰ বিসংগতি  ব্ৰিটিছ ৰাজৰ সময়ৰ পৰাই সূত্ৰপাত হৈছিল আৰু এতিয়া বৰ্তমান আধুনিক ভাৰত, অসম গঢ়াৰ সময়তো সেই একেধৰণৰ নিম্নমানৰ ন্যায়িক ব্যৱস্থা আৰু আৰক্ষী বাহিনী কথা বহু দুখৰ বিষয় নহয়নে?। সেয়েহে আমাৰ আৰক্ষী বাহিনী আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰতি আমাৰে নিৰ্বাচিত চৰকাৰৰ লগতে আমি দেশৰ সকলো জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ হ’ল। নহ’লে এতিয়াও আমি পশ্চিমীয়া দেশতকৈ বহু পিছপৰি আছোঁ আৰু যদি এতিয়াই সতৰ্কতা অবলম্বন নকৰোঁ তেন্তে আমি কেৱল মুখেদিয়ে আগবাঢ়ি যাম। কিন্তু প্ৰকৃততে কি হ’ব যানে,’বাহিৰে বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী।’