আৰক্ষী অধীক্ষক ৰাজামোহন ৰায়ৰ আত্মসমৰ্পণ

আৰক্ষী অধীক্ষক ৰাজামোহন ৰায়ৰ আত্মসমৰ্পণ

ৰঙিলী বাৰ্ত্তাসেৱা-   ধূলাৰ আৰতী তুৰী হত্যাকাণ্ডক বিপথে পৰিচালিত কৰাৰ প্ৰসংগত নাম সাঙোৰ খাই পৰা আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে অৱশেষত আত্মসমৰ্পণ কৰিলে চি আই ডিৰ কাৰ্যালয়ত। বিগত তিনি দিন ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে পলান কৰি থকাৰ পিছত বৃহস্পতিবাৰে চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। ৰায়ে অন্তৰ্ৱৰ্তীকালীন জামিনৰ বাবে আৱেদন জনাইছিল যদিও বুধবাৰে উচ্চ ন্যায়ালয়ে তেওঁৰ আৱেদন খাৰিজ কৰে। পিছত উপায়হীন ৰাজামোহন ৰায়ে আজি আত্মসমৰ্পণ কৰে। উল্লেখ্য মুখ্যমন্ত্ৰীৰ নির্দেশমৰ্মে বনকৰা কিশোৰী আৰতী তুৰীৰ হত্যাকাণ্ডৰ তদন্তত গাফিলতিৰ অভিযোগত তেওঁক নিলম্বন কৰিছিল। এই ঘটনাত আৰক্ষীৰ অ’চি উত্‍পল বৰা, এএছপি ৰূপম ফুকন, তিনিজন চিকিৎসকক ইতিমধ্যে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে।