আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

Pc Wikipedia

আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত সাল-সলনি ঘটাইছে।সেই অনুসৰি হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক গুৱাহাটীৰ ভিজিলেন্স এণ্ড এণ্টি-কৰাপচনৰ আৰক্ষী অধীক্ষক(আইন) হিচাপে বদলি কৰা হৈছে।সেইদৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি (পশ্চিম) হিচাপে বদলি কৰা হৈছে।আনহাতে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক হোজাইৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।অৱশ্যে তেওঁক পদোন্নতি দিয়া হোৱা নাই।সেইদৰে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসক কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন কৰা হৈছে।গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ডিচিপি (পশ্চিম) দেৱাশিষ বৰাক চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।