আৰক্ষীৰ দক্ষ খেলুৱৈসকলক লৈ গঠন হ’ব এথলেটিকছ দল

Pc The Janambhumi

আৰক্ষীৰ দক্ষ খেলুৱৈসকলক লৈ গঠন হ’ব এথলেটিকছ দল

ৰঙিলী বাৰ্ত্তাসেৱা-    ডিএচপি পদত নিযুক্তি লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ডিএচপিৰ পোছাকত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ ধিং এক্সপ্ৰেছ হিমা দাস।খেলুৱৈগৰাকীক মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশিস শৰ্মাই আদৰণি জনায়।দৌৰবিদগৰাকীক কাষত পাই প্ৰশিক্ষণ গ্ৰহণ কৰি থকা জোৱানসকলো আনন্দিত হৈ পৰে।আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নৱনিযুক্ত ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানক উদেশ্য কৰি হিমা দাসে গুৰুত্বপূ্ৰ্ণ বক্তব্য প্ৰদান কৰে।হিমা দাসে কয় যে,’ অসম আৰক্ষীক লৈ প্ৰথমবাৰৰ বাবে গঠন হ’ব এথলেটিকছ দল।ৰাজ্যৰ ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ দক্ষ খেলুৱৈসকলক একত্ৰিত কৰি অচিৰেই গঠন কৰা হ’ব এই নতুন এথলেটিকছ দল।’