আৰক্ষীৰ জেৰাত বিতর্কিত মডেল ৰাজকন্যাৰ পোহৰলৈ আহিছে ন ন তথ্য

pc Times Of India

আৰক্ষীৰ জেৰাত বিতর্কিত মডেল ৰাজকন্যাৰ পোহৰলৈ আহিছে ন ন তথ্য

অনলাইন বাৰ্ত্তাসেৱা – শাৰীৰিক অসুস্থতাৰ ভাও জুৰি বিতর্কিত মডেলগৰাকীয়ে জি এন আৰ চি হাস্পতালত ভৰ্তি হোৱা বুলি পোহৰলৈ আহে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে হাস্পতালৰ পৰা ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত বিতর্কিত মডেলগৰাকীৰ কু-কীৰ্তিৰ ন ন তথ্য পোহৰলৈ আহিছে। মডেল ৰাজকন্যাক আদালতত হাজিৰ কৰোৱাত আদালতে পুনৰ এদিনৰ বাবে ৰাজকন্যাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষাৰ প্রতিবেদনত তেওঁ ড্ৰাগ্‌ছ আসক্ত বুলি পোহৰলৈ আহিছে। আৰক্ষীয়ে ৰাজকন্যাক জেৰা অব্যাহত ৰাখিছে। ৰাজকন্যাক সুস্থ হৈ থকাৰ পিছতো গ্ৰেপ্তাৰৰ পৰা বচোৱাৰ ক্ষেত্ৰত জি এন আৰ চি কৰ্তৃপক্ষই ৰক্ষণাবেক্ষণ দিয়াৰ কথা পোহৰলৈ আহিছে আৰু ডাঃ নৱনীল বৰুৱাৰ নাম চৰ্চালৈ অহাত দিছপুৰ আৰক্ষীয়ে থানাত হাজিৰ হ’বলৈ চিকিৎসকগৰাকীক চমন জাৰি কৰা বুলি জানিব পৰা গৈছে।