আৰক্ষীৰ জেৰাত ফাইজুদ্দিনে দিছে বিস্ফোৰক স্বীকাৰোক্তি

আৰক্ষীৰ জেৰাত ফাইজুদ্দিনে দিছে বিস্ফোৰক স্বীকাৰোক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ২৫ জানুৱাৰীত মহানগৰৰ মাজমজিয়াত ফাঁচীবজাৰৰ হোটেল ৰাজহংসত দিনদুপৰতে উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ৷ইতিমধ্যে দেওবাৰে পশ্চিমবংগ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে হত্যাকাৰী ফাইজুদ্দিনক গ্ৰেপ্তাৰ কৰিলে৷আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিছিল ফাইজুদ্দিনে হত্যা কৰিছিল মহিলাগৰাকীক।তাজনিমা খাতুন নামৰ মহিলাগৰাকী হত্যাকাৰী ফাইজুদ্দিনৰ পত্নী নাছিল।হোটেল কৰ্তৃপক্ষক তাজনিমাৰ স্বামী হিচাপে পৰিচয় দিছিল ফাইজুদ্দিনে।তাজনিমাক তেওঁৰ পত্নী বুলি চিনাকী দিয়া ফাইজুদ্দিনৰ প্ৰকৃত পত্নী আছে গোৱালপাৰাৰ বড়ো পাহাৰত।প্ৰকৃত পত্নীগৰাকীৰ নাম আছমা বেগম।আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিছে যে,ফাইজুদ্দিনে হত্যা কৰা তাজনিমা খাতুন এগৰাকী দেহোপজীৱনী।ইফালে আৰক্ষীৰ জেৰাত ফাইজুদ্দিনে দিছে বিস্ফোৰক স্বীকাৰোক্তি।১০০০ৰ পৰিৱৰ্তে ৫০০০ টকা দাবী কৰিছিল দেহোপজীৱনী গৰাকীয়ে।এই সন্দৰ্ভত হোৱা কাজিয়াৰ পাছতেই হোটেলৰ বন্ধ কোঠাত হত্যা কৰিছিল তাজনিমা খাতুনক। আৰক্ষীৰ সঠিক তদন্তৰ পাছত আৰু অধিক তথ্য পোহৰলৈ আহিব।