আৰক্ষীৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্ম

আৰক্ষীৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্ম

ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ অবৈধ মানী ট্ৰেডিঙৰ কেলেংকাৰীত জড়িত বাক্সা জিলাৰ পান দোকানী মাইনাও ব্ৰহ্ম। গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে যোৱা নিশা আটক কৰে মাইনাও ব্ৰহ্মক । দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম নামৰ মহিলাগৰাকীয়ে ।দিল্লীৰ পৰা নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানযোগে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিচত বৰঝাৰ আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰে মাইনাও ব্ৰহ্মক ।অভিযোগ অনুসৰি প্ৰায় আঠ হাজাৰ লোকক অনলাইন ট্ৰেডিঙৰ জালত পেলাই পাণদোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও । পাণ দোকানী মাইনাওৱে নামে-বেনামে বিশাল সম্পত্তি গঢ়া আৰু ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে । উল্লেখ্য যে, যোৱা মঙলবাৰে দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়ালৈকে আৰক্ষী-প্ৰশাসনে মাইনাওৰ বাসগৃহত তালাচী অভিযান চলাই বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰায় পাঁচ ঘণ্টা ধৰি অবিৰত তালাচী চলোৱাৰ পিছত সন্ধিয়া ৫:২৫ বজাত দণ্ডাধীশ আৰু উপ-আৰক্ষী অধীক্ষকৰ উপস্থিতিত ছীল কৰা হয় মাইনাওৰ বাসগৃহ ।