আৰক্ষীৰ গুলীত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শ্বাহ আলম
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰ আৰক্ষীৰ এনকাউন্টাৰত ব্যৱসায়ী ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শ্বাহ আলম তালুকদাৰ নিহত হয়। মাজনিশা সোণাপুৰত শ্বাহ আলমে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচলনা কৰিব লগাত পৰে। ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ বুকুত দুটাকৈ গুলী লগাত মৃত্যু হয়। বৰ্তমান দুৰ্ধৰ্ষ অপৰাধীক জিএমচিএইচ ৰ মৰ্গত ৰখা হৈছে। উল্লেখনীয় যে, বৃহস্পতিবাৰে হেণ্ডকাফসহ শ্বাহ আলমে পলাবলৈ চেষ্টা কৰিছিল। সাতগাওঁ আৰক্ষীৰ এটা দলে ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটোৰ সন্ধানত বৃহস্পতিবাৰে নিশা শ্বাহ আলমক লৈ বতাহঘূলিলৈ গৈছিল ৷ এই তদন্তৰ বাবে যোৱাৰ সময়তে দুৰ্ধৰ্ষ অপৰাধীয়ে পলায়ন কৰে। কিন্তু শুকুৰবাৰে দুপৰীয়া সমগ্ৰ ঘটনা পোহৰলৈ অহাত আৰক্ষীৰ ভিতৰচোৱাত হাহাকাৰ লাগে। একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছতে শীৰ্ষ আৰক্ষী বিষয়াই সাতগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অপৰাধী আলমে কেনেদৰে পলায়ন কৰিবলৈ সক্ষম হয় সেই কাৰণ দৰ্শোৱাৰ জাননী দিয়ে ৷ ইয়াৰ পিছতেই আজি শ্বাহ আলমৰ এনকাউন্টাৰৰ ঘটনাৰ বাতৰি আহিছে। জানিব পৰা মতে, দিছপুৰ আৰক্ষীৰ জিম্মাত থকাৰ সময়তে বিগত ১০ফেব্ৰুৱাৰীত লকআপৰ ভিতৰতে শ্বাহ আলম তালুকদাৰে আত্মহত্যাৰো চেষ্টা চলাইছিল ৷