আৰক্ষীৰ গুলীত নিহত দুধৰ্ষ ডকাইত

Pc Asai Times

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে নিশা ওদালগুৰিত কেইবাটাও ডকাইতিৰ কাণ্ডৰ সৈতে জড়িত কিনাৰাম বড়ো নামৰ এটা দুধৰ্ষ ডকাইত আৰক্ষীৰ গুলীত নিহত হয়। এই ঘটনাটো ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত দৈফাঙত সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, কিনাৰামে আৰক্ষীৰ কৱলৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু দুজন আৰক্ষীক গুলীয়াই আঘাতপ্ৰাপ্ত কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে প্ৰত্যুত্তৰত ডকাইতজনক গুলীয়াই হত্যা কৰে। ইফালে, আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল আৰু কাৰ্ট্ৰিজ উদ্ধাৰ কৰে।