আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ ড্রাগ মাফিয়া আনোৱাৰ

আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ ড্রাগ মাফিয়া আনোৱাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। বৰপেটা জিলাৰ মাইলকুছিৰ আনোৱাৰ হুছেইনক লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী। নিশা আৰক্ষীৰ হাতৰ পৰা ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইনে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে চলাইছিল গুলী। বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ৰয়ে চলাইছিল গুলী। নিশা প্রায় ২ বজাত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত তাৰাবাৰী আৰক্ষীয়ে এএছ-০১ জি ই-৩৯৬৯ নম্বৰৰ ৰঙা ৰঙৰ অল্টো বাহনৰ পৰা ১১টাকৈ সন্দেহযুক্ত হেৰ’ইনভর্তি চাবোনৰ বাকচ জব্দ কৰিছিল। জব্দ কৰা হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য আছিল প্রায় ২৫ লাখ টকা। আৰক্ষীৰ অভিযানত ড্রাগ কঢ়িয়াই অনা ৰঙা ৰঙৰ অল্টো বাহনখন এৰি পলায়ন কৰিছিল ড্ৰাগছ সৰবৰাহকাৰী দলটো। তাৰাবাৰী থানাত ড্রাগ্‌ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৫৮/২৫ নম্বৰত গোচৰ আৰু এনডিপিএছ আইন-১৯৮৫ৰ ২১ (বি)/২৯ ধাৰাত ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত ড্ৰাগছ সৰবৰাহত জড়িত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল আৰক্ষীয়ে অভিযান। বৰপেটা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। উক্ত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত তাৰাবাৰী আৰক্ষীয়ে আটক কৰিছিল ড্রাগ মাফিয়া আনোৱাৰ হুছেইনক। ধৃত আনোৱাৰ হুছেইনক জেৰা চলোৱাৰ পাছত ঘৰত ড্ৰাগছ থকা বুলি স্বীকাৰোক্তি দিয়ে আৰু আৰক্ষীয়ে আনোৱাৰক লগত লৈ ড্রাগছ জব্দ কৰিবলৈ গৈ থকাৰ সময়তে তাৰাবাৰী থানাৰ অন্তৰ্গত কাকধোৱাত ধৃত আনোৱাৰে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায়। আনোৱাৰ হুছেইনে আৰক্ষীক ঠেলা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে আনোৱাৰ হুছেইনক লক্ষ্য কৰি গুলী চলায় বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলীত আনোৱাৰ হুছেইনৰ বাঁওভৰিত গুলী লাগে। সম্প্ৰতি বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আনোৱাৰ হুছেইন।