আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক

pc The Janambhumi

আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰৱঞ্চক প্ৰেমিকৰ সৈতে ধনদাবী কৰা বুলি উঠা অভিযোগ আৰু গোচৰৰ সন্দৰ্ভত গড়মূৰ থানাৰ আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক। পুৱাই মাজুলীত উপস্থিত হয় এছ আই জোনমণি ৰাভা।মাজুলীৰ গড়মূৰ থানাই সোধ-পোচৰ বাবে জোনমণি ৰাভাক তলব কৰিছিল।মাজুলীত ৰুজু হোৱা ৩টা গোচৰ সন্দৰ্ভত জোনমণিক আৰক্ষীয়ে সোধা-পোছা কৰিব।কেইবাগৰাকীও ভুক্তভোগীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছিল। অজিত বৰা,ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে দিয়া গোচৰসমূহত নাম সাঙোৰ খাই আছিল এছ আই জোনমণি ৰাভাৰ নাম।ইফালে ৰাণা পগাগক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়া হৈছিল যদিও বুধবাৰে মাজুলী জিলা কাৰাগাৰৰ পৰা নগাঁও আৰক্ষীয়ে লৈ যায়।আজি গড়মূৰ আৰক্ষীৰ তদন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।