আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি সদ্য বিবাহিত যুৱকৰ আত্মহত্যা

Pc assam.news18.com

আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি সদ্য বিবাহিত যুৱকৰ আত্মহত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম আৰক্ষী।খাকী পোছাকত কালিমা সানিলে আমিনগাঁও আৰক্ষীয়ে।আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি এজন সদ্য বিবাহিত যুৱকে আত্মহত্যা কৰাৰ অভিযোগ উঠিছে।এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমিনগাওঁ আৰক্ষী থানাৰ ৰহমান উপাধীৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ভূৱনেশ্বৰ পাল আৰু পত্নীৰ মাজত হোৱা ঘৰুৱা কাজিয়াৰ বাবে পত্নীয়ে স্বামীৰ বিৰুদ্ধে আমিনগাঁও আৰক্ষী চকীত অভিযোগ দাখিল কৰিছিল।কিন্তু স্বামী-স্ত্ৰীৰ ঘৰুৱা কাজিয়া মীমাংসাৰ বিনিময়ত আৰক্ষী বিষয়াই দাবী কৰিছিল ৪০ হাজাৰ টকা।আমিনগাঁও আৰক্ষী চকীৰ ৰহমান উপাধিৰ এজন আৰক্ষীয়ে পৰিয়ালটোক ধন দাবী কৰাৰ অভিযোগ উঠিছে।ভুবনেশ্বৰ পাল নামৰ যুৱকজনক চল্লিশ হাজাৰ টকা দাবী কৰাৰ পিছতে হতাশগ্ৰস্ত হৈ যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে।উউল্লেখযোগ্য যে,যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণৰ কথা কোৱা হৈছে সেই সময়তেই আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি এজন যুৱকে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰাৰ ঘটনাত আমিনগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।