আহ বহাগী আহ
মুন শৰ্মা, লখিমপুৰ
হেৰুৱা ফাগুনৰ বেদনা সহি,
চ’তত নীৰৱ কলিজাই আজি,
হঠাৎ মাৰিলে সুহুৰি সুখৰ,
বসন্তৰ নিমন্ত্ৰণত বহাগী আহিল,
পদূলি মুখতে হাঁহিটি মাৰিল।
আহ বহাগী আহ, আহ……
তোৰ বাবে ফুলালো কেতেকী, কপৌ
আৰু যে ফুলালো তগৰ।
পদূলি মুখতে শাৰী শাৰী কৰিলোঁ,
চৌদিশে সিঁচিলো সুৱাসৰ ৰূপত।
তোৰ বাবেই মাতিলো পাহাৰ কুলিটি
বৰ গছৰ ডালতে সুৰ কৰি ৰাখিলো।
আহ বহাগী আহ……..
তোৰেই অপেক্ষাৰ প্ৰতীক্ষা দীঘলীয়া,
বহুদিনৰ হাবিয়াস কাষতে পোৱাৰ,
তোৰ ৰঙেৰে ঢাকিব খোজো,
জীৱনৰ বিষাদৰ কিছু পৰ অ”,
বেদনাৰ কাঁইট বোৰ উঘালিব খোজো।
সুখৰ বৰ ঘৰত হওঁ আলহী কিছু পল অ”।
আহ বহাগী আহ ….
আদৰিছোঁ পদূলিতে ৰৈ মই তোক
পিয়াহ ভৰা কলিজাত দে আহি এটোপাল,
সুখ ভৰা পানীৰে শান্তি উপচাই।
দুখ ভৰা দৈনন্দিন কিছু দিন ৰং ছটিয়াই।