আহ ডেকা-গাভৰু ওলাই আহ
টোলন তছা,জখলাবন্ধা,নগাঁও
আহ ডেকা-গাভৰু ওলাই আহ
জাতীয় চেতনা বুকুত বান্ধি লৈ
শিক্ষাক ঢাল সাজি বাধা-বিঘিনিৰ শিপা উঘালি
মাথো উন্নতিৰ দিশে ধাৱমান হ’বলৈ।
নিৰ্ভৰশীল নহ’বি আনৰ ওপৰত
গুলী ফুটাব নিদিবি কান্ধত তোৰ বন্দুক থৈ
আহ ডেকা-গাভৰু ওলাই আহ
প্ৰগতিৰ আশা বুকুত বান্ধি লৈ।
জ্ঞানৰ জখলাৰে সফলতাৰ শিখৰ জিনি
জীয়াই থাক খিলঞ্জীয়া অসমীয়া হৈ
অন্যায়-অত্যাচাৰ,শোষণ বঞ্চনাৰ বিপক্ষে থিয় হ
তিলমানো ভয় নকৰিবি প্ৰতিবাদ কৰিবলৈ।
ডাক্তৰ হ, ইঞ্জিনিয়াৰ হ, ৰাজনীতিও কৰ
ককাঁলত টঙালি বান্ধি লৈ
আহ ডেকা-গাভৰু ওলাই আহ
পৰিৱৰ্তনৰ সোণালী সপোন বুকুত বান্ধি লৈ।
তেজত দাগ লগাই জাতি ধ্বংসকাৰী নহ’বি
মদাহী,ভঙুৱা,চোৰ-ডকাইত হৈ
চিন্তা শক্তিৰ বীজ বন্ধকত নিদিবি
জীৱশ্ৰেষ্ঠ মানুহৰ বংশধৰ হৈ।
পিছপৰা শ্ৰেণীৰ পৰা আগবাঢ়ি আহ
বিশ্ববাসীৰ লগত খোজত খোজ মিলাই আগুৱাবলৈ
আহ ডেকা-গাভৰু ওলাই আহ
অবিনাশী আত্মবিশ্বাসীৰ ফলক বুকুত বান্ধি লৈ।
ভৱিষ্যত তোৰ নিজৰেই হাতৰ মুঠিত
দুচকু থাকিও নেদেখা হ’লি কেনেকৈ
মন-মগজুত জ্ঞানৰ ভোক জাগিবই লাগিব
তেজৰ দাম আৰু জাতিৰ নাম জীয়াই ৰাখিবলৈ
এলাগি তোক কোনেও কৰা নাই
তেনেহ’লে ভাল পাঁও কিয়নো চুক ভেকুলী হৈ
আহ ডেকা-গাভৰু ওলাই আহ
তেজস্বী আত্মশক্তিৰ পৰিচয় বুকুত বান্ধি লৈ।