আহ অ’ সোণামুৱা সখি
-মাধুৰী শৰ্মা সভাপণ্ডিত
এপিয়লা এপিয়লা
বুদ্ধময় মৰম লৈ
থিয় হ’লো আত্মীয়-সুহৃদয়ৰ দুৱাৰ দলিত
মোৰ খোজে খোজে আহিল বসন্ত
শৰৎৰ ওলগনি
মিচিকিয়াই সংগ দিলে
পুৱাৰ সূৰুযে।
হঠাৎ চিঁয়ৰ এটা শুনি ঘূৰি চালো
চিৰালফটা দেখোন
ভৰিৰ তলৰ মাটি-
প্ৰতিবন্ধকতাৰ বেৰাত
হামখুৰি খাই পৰি আছে অতীত।
লালসাৰ গম্বুজটো
ভাঙিবৰ হ’ল
সোণামুৱা সখি।
চাছোন পথাৰখনে
আইৰ হাঁহি এটা হৈ
কেনেকৈ চাই আছে-তোলৈ-মোলৈ
হাতসাৱটি থাকিলে
এৰাবাৰী হ’ব অ’ চৌদিশ।