আহিম মই শৰৎ অহা বাটে
এছ ইছলাম বৰপেটা
আহিনৰ চেঁচা বতাহ জাকৰ স’তে
আহিম মই শৰৎ অহা বাটে
জোনালী সন্ধিয়া ৰৈ থাকিবা মোলৈ
তুলসীৰ তলত চাকি জ্বলাবা উলাহতে।
চোতালত বহিম দুয়ো জোনৰ পোহৰত
কথা পাতিম মনৰ হেঁপাহ পলুৱাই
জিল্ মিল্ জোনালীয়ে হাঁহিব মিচিকিয়াই
আমালৈ একেথৰে ৰ’ লাগি চাই।
আকাশৰ নীলা জিক্ মিক্ তৰালি
সাক্ষী হ’ব আমাৰ কথাৰ
ঢিমিক-ঢামাককৈ জ্বলি থকা চাকিটিয়ে
খেলিব আমাৰ স’তে এন্ধাৰ-পোহৰ।
পদূলি মুখৰ সুগন্ধি শেৱালিৰ সুবাসে
ভৰাই তুলিব আমাৰ মন
কৈ যাব ৰিব্ ৰিব্ মলয়াই কাণে কাণে আহি
চোঁৱাচোন চোৱা এই ধুনীয়া লগন!
লাহে লাহে নিয়ৰেও টোপ টোপ কৈ আহি
গালে মুখে সানিব যেতিয়া
তন্দ্রা ভাগিব আমাৰ
গুচি যাবা ওচৰৰ পৰা তেতিয়া।
আহিম মই শৰৎ অহা বাটেৰেই
ৰই থাকিবা মোলৈ অতি হেঁপাহেৰে
শৰৎ আহিলেই জকমকাই ধৰালৈ বুলি
মোলৈ সঁচাকৈয়ে বৰকৈ মনত পৰেনে?
আহিমদেই শৰৎ অহা বাটেৰে!