আহিবা সখি – মাধুৰী শৰ্মা সভাপণ্ডিত

PC - Britannica

আহিবা সখি
মোৰ গাঁওলৈ
দীপাৱলীৰ ৰাতি

গাঁওৰ গধূলি
পদূলিত জ্বলে
শাৰী শাৰী কলগছত চাকি
বিজুলী বাতি হীন বাটতোত
পোহৰৰ চন্দ্ৰাৱলী।
ধাননি পোহৰ
আকাশ মনোহৰ
বিজুলী চাকিৰ ৰঙা-নীলা চিকিমিকি
কৃত্ৰিম জলমল
চহৰীয়া দলদোপ নাই।
মোৰ গাঁও সৰলা নিৰলা লখিমী ।
আহিবাছোন সখি এবাৰ
নৈ পৰীয়া আছুতীয়া গাঁও খনিলৈ
পেটত গামোছা বান্ধিও
গঞাই অতিথিক দেৱ জ্ঞান কৰে
সৰিয়হৰ তলিত সুখে হাঁহে
চিৰিলা হাতৰ মুঠিত থাকে
প্ৰেমৰ জোনবিৰি।
গেজেপনি হাবিখন পাৰ হ’লেই পাবা
বানে বিধস্ত কৰা মোৰ গাঁওখনি
চপৰা-চপৰে গঢ়া খহিলেও
মনৰ খহনীয়া নহয়।
মাটি চাকিৰ পোহৰত
ৰুণুক জুনুক শুনিবা ৰাধিকাৰ নিক্কন।
নিজান পৰৰ গৰখীয়া বাট
আজিও নন্দনকানন।

মাধুৰী শৰ্মা সভাপণ্ডিত