আহিবা নে তুমি ? – বৰষা ৰাণী হাজৰিকা

PC - Quora

আহিবা নে তুমি ?

বৰষা ৰাণী হাজৰিকা

এই কেইদিনতে
আহিবা নহ’লে এদিন
অমৃত উদ্যানলৈ…
কথা পাতিম দুয়ো
ভাললগাৰ পৰা ভালপোৱালৈ…
আৰু ভালপোৱাৰ পৰা বিচ্ছেদৰ
সেই বিষাদ গধুৰ সন্ধ্যাবোৰলৈ..
ভাবিলেই ভাললগা
শেষত এটি হুমুনিয়াহ সৰা
সকলোখিনিয়েই সাঙুৰি
আকৌ বোৱাম পছোৱা
চলিব হৃদয়ে হৃদয়ে সমৰ
হয়, এয়া যে ফাগুনৰ বতৰ
আহিবা নে তুমি?
মনত আছে নে তোমাৰ
সেই যে কবিতা কবিতা লগা সন্ধ্যাবোৰ
ষ্ট্ৰীট লাইটৰ মৃদু পোহৰ
ফিৰফিৰীয়া বতাহজাকৰ মিঠা আলিংগন
তোমাৰ হাতে হাত ধৰি লোৱা
ফুটপাথৰ সেই চাহ পকৰিৰ জুটি
পাহৰিলা নেকি তুমি?
যদি আছে মনত
আহিবা এইকেইদিনত
আকৌ নমাম পছোৱা
তুমিওতো কৈছিলা
ফাগুন হেনো তোমাৰ খুবেই প্ৰিয়।
সেই যে মিঠা মিঠা আবেলিত
ৰঙা বেলিটোৰ প্ৰেম বিৰহে
বুকুত বিষ গুজি দিয়া ক্ষণত
পথাৰৰ মাজৰ কেঁচা আলিটোত বহি
খাইছিলো আমি বগৰী
পাহৰি গ’লা নেকি তুমি?
সেই সোৱাদ…
সেই স্মৃতি…!
যদি আছে আজিও বুকুৰ চুকত
পাৰা যদি আহিব এই কেইদিনত
পছোৱাক সাক্ষী কৰি
পলাশৰ ৰঙেৰে লিখিম
তুমি মই আমি হোৱাৰ দিনলিপি।
অচিৰেই কেতিয়াবা
মনত নপৰে নে তোমাৰ?
সেই যে আমি খোজ কাঢ়িছিলোঁ
ফুটপাথৰ গধূলি…
দুষ্ট পছোৱায়ো কাণপাতি শুনিছিল
তোমাৰ সুহুৰি,
সেই ৰাগিত
আজিও বাউলি হৈ থকা মইজনীক
পাহৰি গ’লা নেকি তুমি?
যদিও পাহৰণিৰ গৰ্ভত লীন হ’লো মই
তথাপিও কওঁ তোমাক আহিবা এদিন
আকৌ গঢ়ি তুলিম সেই ৰোমাঞ্চকৰ গধূলি
ফাগুন, ব’হাগ, আহিন
নাই ঋতুৰ প্ৰয়োজন…
তুমি আহিলেই আহিব ফাগুন
পলাশৰ ৰঙেৰে ৰাঙলী হয়
কুঁহিপাতে দিব নতুনৰ সমাহাৰ
কুঁৱলীৰ সুবাসেও আঘোণক মাতিব
তোমাৰ নামতেই সকলো আহিব।
আহিবা নে তুমি??