আহিনৰ বুকুত – মুন শৰ্মা

আহিনৰ বুকুত
মুন শৰ্মা,লখিমপুৰ
আহিনৰ বুকুত আজি এটি সপোনে হাঁহিছে,
সেউজীয়া বাটেৰে সোণালী ৰূপান্তৰ
সময় যে সমাগত।
আহাৰতে আৰম্ভ …..
শাওনৰ আলুসুৱা বুকুত আলফুলে গুজি আহিছিলো সিদিনা।
শংকা আছিল….. কিজানিবা সপোন ভাগে
বাৰিষাত নামি অহা বানৰ সংহাৰ
দুৰু দুৰু কৈ কপি উঠা কলিজাৰ অনুৰোধত
কিছুমান ৰজনী উজাগৰে গ’ল।
এতিয়া শান্ত , ভয়ৰ নিচান আৰু নাই নাই
আঘোণৰ বুকুত সোণালী মেলাত
কিছুপৰ উমলি  ফাগুনৰ উদং বুকুত
বনছাই নাচোন চাবহে বাকী।