আহিনৰ নান্দনিক
দিপ্তী মণি গোস্বামী, লখিমপুৰ
বৰ্ষাসিক্ত প্ৰলয়ক ঠেলামাৰি
খোপনি পুতিলে শৰতে,
শীতলতা বিচাৰি পালে মৰতে।
গোলকীয় ঘামৰ ঘৰ্মাক্তবোৰ
উটি গ’ল জীপালতা ভৰা
এজাক আহিনৰ বৰষুণত।
শৰতে সৰা আহিনৰ নান্দনিকতাত
পুলকিত হ’ল দেহা মন
নিবিড় বিজন বনত ।
নীলা আকাশৰ তলত
সোণগুটিহঁতৰ শৈশৱ কৈশোৰবোৰ
হালি জালি নাচিছে সেউজীয়া গানত।
শুভ্ৰ শেৱালিৰ আমোলমোল সুৱাসত
হালধীয়াবোৰেও প্ৰাণ খুলি হাঁহিছে
মনৰ বিপুল আনন্দত ।
কঁহুৱা ফুলিছে তটিনীৰ পাৰত
বুঢ়ী আইৰ ৰূপোৱালী খোপাটি হৈ
পাৰৰ তৰু তৃণক চেৰ পেলাই থৈ।
মাছোৱাৰ খোজৰ ভৰত
জৰাগ্ৰস্ত হৈ কান্দিছে
নদী কাষৰীয়া বাটত দুৱৰি বন।
বাৰীৰ ঢাপৰ কাঁইটীয়া গছত
ফুলিছে বতৰৰ বগৰী ফুল
মাঘ ফাগুনত হ’ব তুলবুল।
আহিনৰ বৰষুণৰ পৰশত
সেউজীয়া হালধীয়াৰ ঘটিছে সমাহাৰ
আকাশ বতাহ মাটি পানী হৈ একাকাৰ।