আহিনৰ এটি মিঠা অনুভৱ – আয়নাল হক

PC Wikipedia
আহিনৰ এটি মিঠা অনুভৱ
 আয়নাল হক, ধুবুৰী 
আহিনৰ প্ৰথমজাক বৰষুণ…!
মিঠা বতাহ এছাটিয়ে
চুই গ’ল দেহ-মন।
ৰিম্ জিম্–ৰিম্ জিম্
কি যে মধুৰ ছন্দ !
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ
অনন্য সমাহাৰ।
বৰ্ষাৰ অন্তত
শৰতৰ স্বপ্নীল আগমন!
মুক্ত আকাশৰ
শুভ্ৰ মেঘৰ দলিচাত
সপোনে লুকাভাকু খেলিব।
শেৱালিৰ মিঠা সুবাসে
নিশাবোৰ উজাগৰী কৰিব।
অনামী শিহৰণত
কবিৰ আলসুৱা সত্তাই
কবিতাৰ অন্বেষণত
জোনাক চুমিব।
আহিনৰ সেউজী পথাৰখনে
কৃষকৰ লুণীয়া ঘামৰ
প্ৰতিদান দিবলৈ সাজু হ’ব।
আহিন–এক সম্ভাৱনা
আহিন–এক অনুকম্পা
আহিনৰ আলফুলীয়া বতাহত
হালে-জালে শুকুলা কঁহুৱা…।