আহিনৰ আগমন – দিপ্তী মনি গোস্বামী

PC - SANGBAD PRAHARI
আহিনৰ আগমন
দিপ্তী মনি গোস্বামী, লখিমপুৰ
চিকুন পুৱাৰ টোপনি বেলিকাতে
এচাতি ৰিব ৰিব মলয়াই
কাণে কাণে কৈ যায়
গালে মুখে মধুৰ সুবাস বিলাই যায়
অ…
এইয়াচোন নিশাফুলিৰ মধুৰ যামিনীৰ সুবাস
দুৱৰিৰ দলিছাত শুনিছোঁ মিঠা গুণগুণনী
সেন্দুৰীয়া শিৰত লৈছে ওৰণি টানি
তাৰমানে……
আহিনৰ বতৰ,
আকাশৰ কোমল কুঁৱলী ফালি
পৃথিৱীৰ বুকুলৈ আহিছে আহিন
সেয়ে হয়তো…
তটিনীৰ পাৰত শুকুলা কঁহুৱাই
পাতি লৈছে সিংহাসন
শৰত কুমাৰ আহিনক সম্ভাষণ জনাবলৈ
গাভিনী নদীৰ উপদ্ৰৱ সামৰি
পথাৰখনো সেউজীয়া হৈ উঠিছে
মুখত মিচিকি হাঁহি লৈ
আহিনৰ পৰশতে সোণবৰনীয়া হ’ব
পাতগাভৰু লাজুকী ধাননীৰ দেহা
শৰতৰ চুম্বনত গাভিনী হৈ পৰিব
পথাৰৰ প্ৰতিটো পোলা।