আহিছে ৰঙালী
কমলেশ কাঞ্চন
এজাক বতাহ
তাইৰ নাম বৰদৈচিলা
ধূলিয়ৰী পথেৰে আগুৱাই গৈছে মাকৰ ঘৰলৈ।
অসমী আইৰ সাৰুৱা ভূমিত
ৰং সিঁচি দিছে
আনিছে বসন্তৰ বৃষ্টি।
ঢোল-পেঁপা-গগনাৰ শব্দই
ৰজনজনাই আজি অসমৰ আকাশ। হেঁপাহৰ
ৰঙালীয়ে হাত বাউল দিছে পদূলি মুখত।
হুচৰি-জেং বিহুৰ সুৰত
কুলি-কেতেকীয়ে বিহুনাম গাইছে
আঁহতৰ ন-কুঁহিপাতৰ আঁৰত
লুকাই লুকাই নাচিছে ৰঙালীৰ ৰঙত।
আই অসমীৰ
বুকুত নাচিছে আজি গছ-লতা-তৃণই
বৰদৈচিলাই বৃষ্টিৰে সৈতে
পিন্ধাইছে গাত সেউজীয়া নতুন পোছাক।
আহিছে ৰঙালী
নাচিছে আই অসমী॥