আহমেদাবাদ বিমান দুর্ঘটনাত মৃতকৰ সংখ্যা ২৭৯লৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অন্যতম শোকাৱহ আহমেদাবাদ বিমান দুর্ঘটনাত মৃতকৰ সংখ্যা ২৭৯লৈ বৃদ্ধি । বৃহস্পতিবাৰে দিনত আহমেদাবাদ চৰ্দাৰ বল্লভ ভাই পেটেল বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰামৰাৰ কেইছেকেণ্ডৰমান পিছতে বয়িং ৭৮৭ ড্রিমলাইনাৰ এআই-১৭১ বিমানখন আৱাসিক এলেকাত দুর্ঘটনাত পতিত হোৱাত ২৪২জন যাত্ৰীৰ ভিতৰত ২৪১জনৰ মৃত্যু হোৱা বুলি নিশ্চিত হয়। বিমানবন্দৰৰ সমীপত মেধানী নগৰৰ বিজে মেডিকেল কলেজ হোষ্টেলত বিমানখনে খুন্দা মাৰি বিস্ফোৰণ ঘটাত অঞ্চলটোৰ অৰ্থাৎ কলেজ হোষ্টেলকে ধৰি ওচৰৰ কেইবাজনো লোক হতাহত হৈছিল। শুক্ৰবাৰে বিজে মেডিকেল কলেজৰ এমবিবিএছ শিক্ষার্থী, চিকিৎসকসহ আন ৩৩জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰাত এই বিমান দুর্ঘটনাত মৃতকৰ সংখ্যা ২৭৯লৈ বৃদ্ধি পায়। এয়াৰ ইণ্ডিয়াৰ বিমানখন আৱাসিক এলেকাত খুন্দা মাৰি বিস্ফোৰণ ঘটাত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হৈছে। ঘটনাস্থলীত নিয়াৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ফৰেনছিক বিশেষজ্ঞৰ দলো উপস্থিত হৈছে।ইপিনে বিমানখনে খুন্দা মৰা মেডিকেল কলেজৰ ছাদত এটা ব্লেকবক্স উদ্ধাৰ কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ বিমান এআই ১৭১ৰ ব্লেকবক্সটো অগ্নিনির্বাপক বাহিনীৰ বিষয়া আৰু দল এটাই বিশেষ যন্ত্ৰৰ দ্বাৰা দুৰ্ঘটনাস্থলীৰ পৰা হোষ্টেলৰ ছাদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই ব্লেকবক্সটো উদ্ধাৰ হোৱাৰ পিছতেই বিমানখনৰ দুৰ্ঘটনাক লৈ বিভিন্ন তথ্য জানিব পৰা যাব।