আহমেদাবাদ ট্ৰেজেডীৰ আঁৰত তুৰস্কৰ ষড়যন্ত্ৰৰ অভিযোগ যোগ গুৰু ৰামদেৱৰ

আহমেদাবাদ ট্ৰেজেডীৰ আঁৰত তুৰস্কৰ ষড়যন্ত্ৰৰ অভিযোগ যোগ গুৰু ৰামদেৱৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাৰ তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ এখন কমিটী গঠন কৰি দিছে। ইয়াৰ মাজতে এই দুর্ঘটনাৰ কাৰণ সন্দৰ্ভত বিভিন্ন মহলত চলিছে আলোচনা। কেনেদৰে এয়াৰ ইণ্ডিয়াৰ এআই ১৭১ বিমানখন দুর্ঘটনাত পতিত হ’ল তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন মহলত। বিষয়টোক লৈ দেশজুৰি চৰ্চা চলি থকাৰ সময়তে এই বিমান দুর্ঘটনা যান্ত্রিক বিজুতিৰ বাবে সংঘটিত হৈছে নে এয়া এক কুটাঘাতী ঘাতী কাণ্ড তাক লৈও বিভিন্নজনে প্রশ্ন তুলিছে। যোগগুৰু ৰামদেৱে পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পিছত ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ প্ৰতিশোধ ল’বলৈ পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ তুৰস্কই এই ঘটনা সংঘটিত কৰিছে বুলি বিস্ফোৰক অভিযোগ তুলিছে। লক্ষণীয়ভাৱে ৰামদেৱৰ অভিযোগ সন্দৰ্ভত চৰকাৰে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই যদিও এই দুর্ঘটনাত বিমানবন্দৰৰ গ্রাউণ্ড হেণ্ডলিং ষ্টাফৰ কৰ্মীসকলৰ ভূমিকা থকা বুলি সন্দেহ কৰা হৈছে। লক্ষণীয়ভাবে বিমানবন্দৰৰ গ্ৰাউণ্ড হেণ্ডলিং ষ্টাফত আছে তুৰস্কৰ কোম্পানী ‘চেলেবী’ৰ কৰ্মীসকলো। এই কর্মীসকলক ঠিকাত অনা হৈছে বিমানৰ মেৰামতি আৰু অভিযান্ত্রিক সেৱাৰ বাবে। লক্ষণীয়ভাৱে এই কর্মীসকলে এআই ১৭১ বিমানখনৰো বিভিন্ন যান্ত্রিক দিশ চোৱাচিতা কৰিছিল। বিশেষকৈ উৰণৰ পূৰ্বে বিমানখন যাত্ৰাৰ বাবে উপযুক্ত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱাৰ দায়িত্ব আছিল এই কর্মীসকলৰ। গতিকে এই ঘটনা সন্দর্ভত তদন্ত চলালে গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিব বুলি ধাৰণ কৰা হৈছে। ইতিমধ্যে এয়া এক কুটাঘাতী কাণ্ড হ’ব পাৰে বুলি তদন্তকাৰী সংস্থাসমূহৰ মাজতো বিষয়টোক লৈ সৃষ্টি হৈছে কৌতূহল। ইফালে এই দুর্ঘটনাৰ পিছতে বিমানখনৰ উদ্ধাৰ হোৱা ব্লেকবক্সৰ তথ্যৰ ওপৰত পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে বিশেষজ্ঞসকলে। ইতিমধ্যে বিমানখনৰ দুর্ঘটনাক লৈ এয়াবক্রাফ্ট এক্সিডেন্ট ইনভেষ্টিগেচন ব্যুৰ’ (এএআইবি)-এ তদন্ত আৰম্ভ কৰিছে। সংস্থাটোৰ তদন্তৰ আওতালৈ আহিব বিমানখনৰ সৈতে জড়িত সকলো কর্মী। গতিকে বিমানখন উৰণৰ পূৰ্বে পৰীক্ষা কৰাৰ ক্ষেত্ৰত যিসকল বিদেশী কর্মী জড়িত আছিল সকলোকে তদন্তৰ আওতালৈ আনিব সংস্থাটোৱে। অকল এএআইবিয়েই নহয়, অসামৰিক উৰণ সঞ্চালকালয় (ডিজিচিএ), অসামৰিক উৰণ নিৰাপত্তা ব্যুৰ’ (বিচিএছ) আদিয়ে স্পষ্ট কৰি দিছে যে কেইবাটাও পর্যায়ত গ্রাউণ্ড হেগুলিং ষ্টাফৰ কৰ্মীসকলক জেৰা কৰা হ’ব। বিশেষকৈ চেলেবীৰ কৰ্মীসকলক তদন্তৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে ডিজিচিয়ে। স্মর্তব্য যে ৬,০০০ ফুট উচ্চতালৈ গৈ বিমানখন ভাঙি পৰিছিল। এই বিমানখন এনেদৰে দুৰ্ঘটনাত পতিত হোৱাৰ মাত্র কেইছেকেণ্ডমান পূর্বে পাইলটে এটিচিলৈ সহায়ৰ বাৰ্তা প্ৰেৰণ কৰিছিল। বিমানখনৰ যান্ত্রিক ব্যৱস্থা বিকল হোৱা বুলি এই বার্তাত উল্লেখ কৰা হৈছিল। পাইলটৰ এই বার্তাই বিমানখন যে উৰণৰ বাবে উপযুক্ত নাছিল সেই কথা স্পষ্ট কৰি দিছে। গতিকে ইয়াতেই সন্দেহৰ আৱৰ্তলৈ আহে গ্রাউণ্ড হেণ্ডলিং ষ্টাফ। স্বাভাৱিকতে তুৰস্কৰ কৰ্মীসকলৰ প্ৰতি এইক্ষেত্ৰত বিভিন্ন মহলৰ সন্দেহৰ আঙুলি উঠিছে। লক্ষণীয় বিষয়টো হৈছে বিমান দুর্ঘটনাৰ পিছতে বিভিন্ন মহলে এয়াৰ ইণ্ডিয়াৰ এই বিমানখনৰ প্ৰয়োজনীয় পৰীক্ষা কৰা হোৱা নাছিল বুলি অভিযোগ আনিছে। গতিকে এই শিহৰণকাৰী দুর্ঘটনা কুটাঘাত হ’ব পাৰে বুলি আশংকা কৰা হৈছে।