আহমেদাবাদৰ শোকাৱহ দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল এএআইবিৰ

আহমেদাবাদৰ শোকাৱহ দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল এএআইবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ শোকাৱহ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্রতিবেদন প্রকাশ পাইছে। এয়াৰ ক্ৰাফ্ট এক্সিডেন্ট ইনভেষ্টিগেচন ব্যুৰ’ (এএআইবি)ৰ ১৫ পৃষ্ঠাৰ প্ৰাৰম্ভিক প্ৰতিবেদনত কেইবাটাও উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তর্জাতিক বিমানবন্দৰৰ পৰা উৰণৰ কেইছেকেণ্ডমানৰ পাছতেই লণ্ডনগামী এয়াৰ ইণ্ডিয়াৰ ফ্লাইট-১৭১ বিমানবন্দৰৰ সমীপৰে আৱাসিক অঞ্চলত দুর্ঘটনাত পতিত হয়। এই ভয়াবহ দুর্ঘটনাত বিমানখনৰ বিজুতিৰ প্ৰসংগ এটা চৰ্চিত হয় আৰু এএআইবিৰ প্ৰতিবেদনত এনেধৰণৰ বিসংগতিৰ বিষয়টো প্রত্যক্ষভাবে উত্থাপন হোৱা নাই। প্রতিবেদনত উল্লেখ কৰা মতে বিমানখন উৰণৰ কেইছেকেণ্ডমান পিছতেই বিমানখনৰ ইন্ধন নিয়ন্ত্রণ ছুইচ বন্ধ হৈছিল। দুর্ঘটনাৰ পূৰ্বেই বিমানখনৰ ইন্ধন নিয়ন্ত্রণ ছুইচ বন্ধ হৈছিল আৰু বিমানখন দুর্ঘটনাত পতিত হৈছিল। ছুইচ বন্ধ হোৱা সন্দর্ভত দুর্ঘটনাত পতিত বিমানখনৰ উদ্ধাৰ হোৱা ব্লেকবক্সত পাইলট দুগৰাকীৰ কথোপকথনত স্পষ্ট হৈ আছে। বিমানখনৰ ককপিট ভইচ ৰেকৰ্ডাৰত পাইলট দুজনৰ শেষ মুহূৰ্তৰ বাৰ্তালাপ পোৱা গৈছে। সেই ৰেকৰ্ড অনুযায়ী দুর্ঘটনাৰ ঠিক আগমুহূৰ্ততে এজন পাইলটে আন এজন পাইলটক প্রশ্ন কৰিছিল যে ইন্ধনৰ ছুইচ কিয় বন্ধ কৰি দিলা। ইয়াৰ উত্তৰত আনজন পাইলটে কৈছিল- মই একো বন্ধ কৰা নাই। অর্থাৎ এই বাৰ্তালাপত কিদৰে ইন্ধন নিয়ন্ত্ৰণৰ ছুইচ তথা ইঞ্জিনৰ ছুইচ বন্ধ হ’ল তাক লৈ শংকা প্রকাশ পাইছে। ১৫ পৃষ্ঠাৰ প্ৰাৰম্ভিক প্রতিবেদনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মৰাৰ দুৰ্ভাগ্যজনক ৯৮ ছেকেণ্ড যাত্রাও ব্যাখ্যাও দাঙি ধৰা হৈছে। প্রতিবেদনত উল্লেখ কৰা মতে বয়িং ড্রীম লাইনাৰৰ এআই-১৭১ বিমানখনক ১২ জুনৰ দিনৰ ১:৩৭:৩৩বজাত ট্রেফিক কন্ট্রোলে উৰণৰ অনুমতি দিয়াৰ পিছত ১:৩৭:৩৭ বজাত বিমানখনে ৰানবেত চলিবলৈ আৰম্ভ কৰে। ১.৩৮.৩৩ বজাত বিমানখনে স্পীড ভি ৱানেৰে উৰণৰ ক্ৰছ অতিক্ৰম কৰে আৰু ১৫৩ ন’টছ আইএএছ; ১:৩৮:৩৫ত বিমানখনে ভিৰ আৰ স্পীড (১৫৫ ন’টছ) লাভ কৰে। ১:৩৮:৩৯ত বিমানখনে আকাশ/স্থল ছেনছৰৰ সংযোগ লাভ কৰি উৰণৰ নিৰ্দেশ পায়। ১.৩৮.৪৮ বজাত বিমানখনে বায়ুগতি ১৮০ নোট লাভ কৰে। ইয়াৰ পিছতেই হঠাতে ইঞ্জিন ১ আৰু ইঞ্জিন ২ৰ ইন্ধন ছুইচ ৰানৰ পৰা কাটঅফলৈ স্থানান্তৰিত হয়। ইঞ্জিন (এন-১ আৰু এন-২) লৈ ইন্ধন যোগান বন্ধ হৈ হ্রাস পাবলৈ ধৰে। ১:৩৮:৪৩-৪৫ (প্রায়) বজাত ককপিটত অডিঅ’ত এজন পাইলকে সোধে কিয় বন্ধ কৰিলা, আনজনে উত্তৰ দিয়ে মই কৰা নাছিলোঁ। ১:৩৮:৪৫ বজাত চিচি টিভি ফুটেজত দেখুৱাই ৰেম এয়াৰ টার্বাইন (আৰএটি) উৰণৰ গতি হ্রাস পাবলৈ ধৰে, বিমানখনে গতি হেৰুৱাবলৈ আৰম্ভ কৰে। এয়া হয় বিমানবন্দৰ পেৰিমিটাৰ বাল অতিক্রম কৰাৰ পূৰ্বে। ১:৩৮:৪৭ বজাত আৰএটি হাইড্রলিক পাম্পে ইঞ্জিন এন-২লৈ ইন্ধন যোগান ধৰাটো নিম্নগামী হ’বলৈ ধৰে। ১:৩৮:৫২ বজাত ইঞ্জিন-১ ইন্ধন কাটঅফ ছুইচ কাট অফৰ পৰা ৰানলৈ গতি কৰে। ১:৩৮:৫৪ বজাত এপিইউ ইংলেট দুৱাৰ খুলিবলৈ আৰম্ভ কৰে। ১:৩৮:৫৬ বজাত ইঞ্জিন-২ৰ ইন্ধন কাটঅফৰ পৰা ৰানলৈ গতি কৰে। ১:৩৯:০৫ বজাত এজন পাইলটে মেডে মেডে মেডে বুলি কয়। এটিচি ইয়াৰ কোনো সঁহাৰি নাপায় আৰু বিমানখন বিমানবন্দৰৰ সীমাৰ বাহিৰত দুৰ্ঘটনাত পতিত হয়। প্রতিবেদনখনত ১:৩৮ বজাৰ পৰা ১:৩৯ বজালৈ মাত্র ৩২ ছেকেণ্ডৰ ঘটনাসমূহ বর্ণনা কৰা হৈছে। এই ৩২ ছেকেণ্ডৰ ভিতৰতেই বিমানখনৰ বিভিন্ন ক্রিয়া-প্রতিক্রিয়াৰ পাছত দুৰ্ঘটনাত পতিত হয়। উৰণৰ পিছতেই বিমানখন তললৈ নামি আহি প্রথমে কেইবাডালো গছত খুন্দা খায় আৰু পৰৱৰ্তী সময়ত বি জে মেডিকেল কলেজৰ হোষ্টেলত দুৰ্ঘটনাগ্ৰস্ত হয়। আহমেদাবাদ শোকাৱহ বিমান দুর্ঘটনাৰ প্ৰাৰম্ভিক প্রতিবেদন প্রকাশ পোৱাৰ পিছতেই কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে কয় যে এএআইবিৰ প্ৰাৰম্ভিক প্রতিবেদন পর্যালোচনা কৰি থকা হৈছে। চূড়ান্ত তদন্তৰ প্ৰতিবেদনৰ বাবে কিছু অপেক্ষা কৰিব লাগিব। প্ৰাৰম্ভিক প্রতিবেদনখন মন্ত্রালয়ে বিশ্লেষণ কৰিব আৰু এএআইবিক প্রয়োজনীয় সহায়ৰ বাবে চৰকাৰে সহযোগিতা কৰিব। চৰকাৰে আশা কৰে যে শীঘ্রেই এই বিমান দুর্ঘটনাৰ চূড়ান্ত প্রতিবেদন প্রকাশ পাব।