আহমেদাবাদত আজি দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত হাইভল্টেজ মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰানাৰ্ছআপ দক্ষিণ আফ্রিকাৰ বিপক্ষে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই। আজি সন্ধিয়া ৭ বজাৰ পৰা আহমেদাবাদত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ছুপাৰ এইটৰ হাইভল্টেজ মেচখন অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ মেচখনৰ পূৰ্বে দীঘলীয়া অনুশীলনত ভাগ লয় সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই। দক্ষিণ আফ্রিকাৰ শক্তিশালী বলিং আক্রমণক প্রতিহত কৰাৰ বাবে বিশেষ ৰণনীতি প্রস্তুত কৰিছে ভাৰতীয় দলটোৱে। অৱশ্যে আজিৰ মেচখনৰ পূৰ্বে বিস্ফোৰক অপেনাৰ অভিষেক শৰ্মাৰ দুৰ্বল ফর্মে ভাৰতীয় দলটোক কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে। আজিৰ মেচখনৰ পূৰ্বে যোৱাকালি আয়োজিত এখন সংবাদমেলত অভিষেকক লৈ ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে তেওঁলোকে অভিষেক শর্মাক লৈ চিন্তিত নহয়। টি-২০ বিশ্বকাপত শূন্যৰ হেটট্রিক অৰ্জন কৰাৰ পিছতো দলীয় মেনেজমেন্টে অভিষেকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা নাই। বর্তমান সময়ত অভিষেকে দুর্বল প্রদর্শন আগবঢ়াই আছে যদিও তেওঁ ৰান পাবলৈ বেছি সময় নালাগে। ক্রিজত অধিক সময় টিকিলেই অভিষেকে নিজৰ ছন্দ ওভতাই পাব বুলি উল্লেখ কৰি অধিনায়ক সূর্যকুমাৰ যাদৱে লগতে কয় যে বিগত দুখন মেচত দেখা গৈছে যে সোঁহতীয়া অফস্পিনাৰৰ সন্মুখত অভিষেকে সমস্যাৰ সন্মুখীন হৈছে। অভিষেকৰ ফ্রেনছাইজী ক্রিকেট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ দীর্ঘ অভিজ্ঞতা আছে। গতিকে আমি তেওঁক লৈ বিশেষ চিন্তা কৰা নাই। ইফালে, আজিৰ মেচখনত মূল একাদশলৈ ঘূৰি আহিব কুলদ্বীপ যাদৱ আৰু অক্ষৰ পেটেল। ফলত অৰ্শদীপ সিং আৰু ৱাশ্বিংটন সুন্দৰে মূল একাদশৰ পৰা বাহিৰ হ’ব।
