আহমেদাবাদত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

আহমেদাবাদত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু।গুজৰাটৰ আহমেদাবাদত অসমৰ  নাজিৰাৰ ২৪ বছৰীয়া শিৱালী কাশ্যপক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। অতি ৰহস্যজনক অৱস্থাত শিৱালীৰ মৃতদেহ উদ্ধাৰ হয়। যাৰ বাবে একাংশই এয়া হত্যা হ’ব পাৰে বুলি সন্দেহ কৰিছে । অভিযোগ অনুসৰি, ১০ জুনৰ নিশা অট্টালিকাৰ ছাদৰ পৰা পৰি মৃত্যুক সাৱতি লয় যুৱতীগৰাকীয়ে। ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালে অভিযোগ কৰিছে যে, শিৱালীৰ প্ৰেমিকে সৌৰভ পুৰোহিতে এই কাণ্ডত জড়িত আছে। পৰিয়ালৰ মতে, ঘটনাৰ নিশা প্ৰায় ১২.৩০ বজালৈকে শিৱালীয়ে মাতৃৰ সৈতে ফোনত কথা পাতি আছিল। তাৰ মাত্ৰ আধা ঘন্টা পাছত, ১.০০ মান বজাত পৰিয়ালে শিৱালীৰ মৃত্যুৰ খবৰ লাভ কৰে। পৰিয়ালে কয় যে, কথা পাতি উঠাৰ আধা ঘন্টামান পাছত আমাৰ ওচৰলৈ পুনৰ ফোন আহিছিল আৰু জানিব পাৰিছিলো যে শিৱালীৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত পৰিয়ালে অভিযোগ কৰিছে যে, শিৱালীক সম্ভৱতঃ প্ৰেমিক সৌৰভে হত্যা কৰিছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, বিগত ৩ বছৰ ধৰি শিৱালী সৌৰভৰ সৈতে লিভ-ইন-ৰিলেশ্যনশ্বিপত আছিল। প্ৰায়ে দুয়োৰে মাজত কাজিয়া লাগিছিল। আনকি মাজে মাজে সৌৰভে শিৱালীক মাৰপিটো কৰিছিল। গতিকে এয়া শিৱালীৰ চৰম সিদ্ধান্ত বা দুৰ্ঘটনা হ’ব নোৱাৰে। সৌৰভে  পৰিকল্পিতভাৱে এই  কাণ্ড সংঘটিত কৰিছে। শিৱালীৰ মাতৃয়ে কয় যে, “মাত্ৰ ২০ মিনিটমানৰ ভিতৰত তাইক মাৰি পেলাইছে। আধা ঘন্টামান আগত মই কথা পাতিছিলো। সকলো নৰ্মেল আছিল। মোক সুধিছিল ভাত কিহেৰে খাইছো। মই কাইলৈ যোৱা কথা আছিল আৰু শনিবাৰে তাই মোৰ অহা কথা আছিল”। এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি ভাতৃয়ে কয় যে, “শিৱালীক পূৰ্বতেও সৌৰভ আৰু তেওঁৰ মাতৃয়ে শাৰীৰিক-মানসিক অত্যাচাৰ কৰিছিল। এবাৰ শিৱালীৰ মূৰ ফটাই দিছিল আৰু তেতিয়া আমি আৰক্ষীৰ ওচৰত এজাহাৰ দিছিল। বাৰে বাৰে তাইক বিয়াৰ বাবে হেঁচা দি আছিল। গতিকে এয়া দুৰ্ঘটনা হ’বই নোৱাৰে”। জানিব পৰা মতে, উচ্চ শিক্ষা লাভৰ বাবে শিৱালী যোৱা কেইবাবছৰ ধৰি আহমেদাবাদত আছিল।এতিয়ালৈকে শিৱালীৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাৱ শিৱালীৰ কেনেকৈ মৃত্যু হ’ল।