আসাম ফ্ৰন্ট গোষ্ঠীৰ Assam Front 24×7 আৰু Assam Front NE চেনেলৰ আত্মপ্ৰকাশ

আসাম ফ্ৰন্ট গোষ্ঠীৰ Assam Front 24×7 আৰু Assam Front NE চেনেলৰ আত্মপ্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা-  নলবাৰী নাট্যমন্দিৰত সমান্তৰালভাৱে আসাম ফ্ৰন্ট গোষ্ঠীৰ আসাম ফ্ৰন্ট ২৪x৭ আৰু আসাম ফ্ৰন্ট এন.ই চেনেলৰ আত্মপ্ৰকাশ ঘটে।অসম চৰকাৰৰ বন বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ আনন্দ খাটনিয়াৰে বৃক্ষৰোপনৰ জৰিয়তে শুভাৰম্ভ কৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে বিশিষ্ট চিকিৎসক ডা:ভূপেশ শৰ্মাই।নিউজ চেনেল দুটা সমান্তৰালকৈ ডিজিটেল পদ্ধতিৰে উদ্বোধন কৰে মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই।ভাষণ প্ৰসংগত তেখেতে মূল্যবোধ আৰু আদৰ্শগত দৃঢ়তাৰে আসাম ফ্ৰন্ট গোষ্ঠী আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে তথা চেনেল দুটিৰ আত্মপ্ৰকাশ এক আশাৰ বতৰা আখ্যা দিয়ে।ল’গ উন্মোচন কৰি বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই সমাজ সচেতক দৃষ্টিভংগীৰে আসাম ফ্ৰন্টক সঠিক আৰু তথ্যভিত্তিক বাৰ্তা ৰাইজৰ মাজলৈ কঢ়িয়াই নিবলৈ পৰামৰ্শ দিয়ে।সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই প্ৰম’চনেল ভিডিঅ’ মুকলি কৰি আসাম ফ্ৰন্টৰ আত্মপ্ৰকাশ বলিষ্ঠ আৰু প্ৰতিশ্ৰুতিপূৰ্ণ বুলি আশা ব্যক্ত কৰে।জন্মক্ষণৰ চিন্তা আৰু কথকতাৰে এটা ভিডিঅ’ ক্লিপ পৰিবেশনেৰে আজিৰ অনুষ্ঠানৰ জৰিয়তে আসাম ফ্ৰন্ট গোষ্ঠীয়ে নিজৰ চিন্তাধাৰা দাঙি ধৰে।ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যোষ্ঠ নেতা ড:উমেশ চক্ৰৱৰ্তী,বিশিষ্ট শিক্ষাবিদ ৰমানাথ বৰুৱা,কৃষ্ণচন্দ্ৰ গৌড়,ফণীধৰ ডেকা,ড:সুশান্ত কুমাৰ কাশ্যপ,নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা,যুৱ উদ্যোগী জিত পাটগিৰি,ধ্ৰুৱজ্যোতি দত্ত,দ্বিপ পাটগিৰি সহিতে বিভিন্ন দল-সংগঠনৰ শীৰ্ষ নেতৃত্ব,সংবাদ মাধ্যমৰ কৰ্মী সহ সদ্য আত্মপ্ৰকাশ প্ৰাপ্ত চেনেল দুটাৰ মুখ্য সম্পাদক,সহযোগী সম্পাদক, বাৰ্তা সম্পাদক সকল,উপ সম্পাদক,ষ্টাফৰিপৰ্টাৰ,ব্যুৰ চিফ সকল সহিতে কেবাজনো  সাংবাদিক,ভিডিঅ’ এডিটৰ সকল তথা বিষয় ববীয়া  উপস্থিত থাকে।উপসম্পাদক প্ৰণৱ কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটো প্ৰাকৃতিক প্ৰতিকুলতা সত্বেও বিভিন্ন গীত-মাতেৰে জীপাল হৈ পৰে।বিভিন্ন জ্যোষ্ঠজনে ভাষণত আসাম ফ্ৰন্ট গোষ্ঠীলৈ শুভাশীষ জনায়।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আসাম ফ্ৰন্টৰ মুখ্য পৰিচালন সঞ্চালক প্ৰিয়ংকু নাৰায়ণ বৰুৱাই সাংবাদিকতাৰ নীতি-নিৰ্দেশনা-আদৰ্শ মানি সঠিক আৰু সৱল দৃষ্টিভংগীৰে আসাম ফ্ৰন্ট কৰ্তৃপক্ষ আগবাঢ়ি যাব বুলি প্ৰকাশ কৰে।জ্যোষ্ঠ সাংবাদিকৰ সমাহাৰেৰে আসাম ফ্ৰন্ট সঠিক দৃষ্টিভংগীৰে আগুৱাব বুলি তেখেতে কয়।