আসনৰ ক্ষেত্রত দুয়োটা দলৰ মাজত বুজাবুজিৰ অভাৱ হ’লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত আলোচনা হ’বঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- নির্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান মাহ। আগন্তুক নির্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ মাজত নির্বাচনী প্রস্তুতি তুংগত উঠিছে। ৰাজ্যিক বিজেপিৰ ৰাজ্যিক কার্যনির্বাহকত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে অংশগ্রহণ কৰি উভতি যোৱাৰ পাছতে আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অসমত উপস্থিত হৈ কেইবাটাও প্রকল্প উদ্বোধন কৰিব। কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ অসম আগমনৰ বিষয়টোও ৰাজ্যিক বিজেপিৰ বাবে নির্বাচনী প্ৰচাৰৰ আন এক কৌশল বুলিয়েই বিবেচিত হৈছে। ইয়াৰ মাজতে মিত্রদল অগপৰ সৈতে নির্বাচনী মিত্রতা তথা আসনৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে অগপৰে মিত্ৰতা তথা আসনৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত স্পষ্ট কৰি দিয়ে যে আসন বুজাবুজিক লৈ অগপ-বিজেপিৰ মাজত কোনো সমস্যা নাই। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম আগমনৰ লগত অগপৰে মিত্রতা সন্দর্ভত আলোচনাৰ কোনো আনুষ্ঠানিকতা ৰখা নাই। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বটদ্ৰৱাত গৃহমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰিব। সেইদৰে বৰাগাঁৱৰ শ্বহীদ স্মাৰকক্ষেত্ৰত সভাপতি অতুল বৰায়ো কেন্দ্রীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মিত্ৰতা সন্দৰ্ভত তেওঁলোকৰ কোনো আনুষ্ঠানিক আলোচনা ৰখা নাই। মই ভাবোঁ যে মিত্রতা সন্দর্ভত অসমত দুয়োটা দলৰে আনুষ্ঠানিক আলোচনা হ’লেই যথেষ্ট। দুয়োটা দলৰ মাজত বুজাবুজিৰ অভাৱ হ’লেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত আলোচনা হ’ব। অন্যথা আমাৰ ভিতৰতে আলোচনা কৰি বিষয়টো সমাধান কৰিম। তাক কেৱল অনুমোদনৰ কাৰণেহে দিল্লীলৈ প্ৰেৰণ কৰিলেই হ’ব। আসন বুজাবুজিৰ ক্ষেত্ৰত অসমত দিলীপ শইকীয়া আৰু মই কথা পাতিম। অগপ-বিজেপিৰ মিত্ৰতাৰ ক্ষেত্ৰত নিজৰ ভিতৰতে আসন বুজাবুজি সম্পূর্ণ হ’ব বুলিও আশা প্রকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে আগন্তুক নির্বাচনত নতুন যুৱপ্ৰজন্মক অগ্রাধিকাৰ দিয়া হ’ব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অগ্ৰাধিকাৰ পাব মহিলা প্রার্থীয়েও। অৱশ্যে জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে দলীয় প্রার্থিত্ব দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। মুখ্যমন্ত্রীয়ে জনায় যে বহু বিধায়কে নির্বাচন পুনৰ খেলিব। বহু জাগাত নতুন মুখে অগ্রাধিকাৰ পাব। বহু জাগাত নতুন মহিলা প্রার্থী থাকিব। এই বিষয়ে আমাক আলোচনাৰ বাবে অলপ সময় লাগিব। আমাৰ প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। অসমত নির্বাচনী প্রস্তুতি আৰম্ভ হৈছে। আমাৰ বাবে প্ৰতিটো দিনেই নির্বাচনী দিন। আমাৰ দলে ৩৬৫ দিনেই নিৰ্বাচনৰ বাবে সাজু থাকে। এটা সমষ্টিত ১০-১৫জনকৈ প্রার্থী থকাৰ বিষয়টো সাংবাদিকে উনুকিয়াই দিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্রতিটো সমষ্টিত ১০-১৫গৰাকী হ’লে ভাল। ১০-১৫ গৰাকী প্রার্থী থাকিলে বুজা যায় যে যুৱ নেতৃত্ব আগবাঢ়ি আহিছে। প্রার্থী ১০-১৫গৰাকী হ’লে নিৰ্বাচনৰ ক্ষেত্ৰত নেতৃত্ব আগবাঢ়ি আহে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
