আশী বছৰীয়া জন্মদিন
১১ অক্টোবৰতে এলাহাবাদত জন্ম গ্ৰহণ কৰা ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয়, কৃতকাৰ্যতাৰ শিখৰত থকা Amitabh Bachchan ৰ ওপজা দিন। ওপজা দিনটো KBC ৰ মঞ্চত Sony আৰু KBC য়েঅমিতাভক আবেগ প্ৰবন হোৱাকৈ উদযাপন কৰে য’ত অমিতাভৰ পত্নী আৰু পুত্ৰও উপস্থিত আছিল। অমিতাভৰ প্রিয় বঙালী গীত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘একলা চল ৰে ‘ ৰ পাছতেই বাসকৱনীয়া অৰ্কেষ্ট্রা ই সকলোকে মুগ্ধ কৰি ৰাখিছিল।
অমিতাভ বছনে প্ৰায় সকলো প্ৰখ্যাত পৰিচালকৰ লগত – প্ৰায় ১৭৫ খন কথাছবিত কাম কৰিছে। কথাছবিৰ উপৰিও, অমিতাভে বিভিন্ন বিজ্ঞাপন, ব্ৰেণ্ড এম্বেছেদৰ আৰু নানা বিষয়ৰ পৃষ্ঠপোষকতা কৰি কিমান ধন আৰ্জন কৰিছে ঠিক নাই ; শুনিবলৈ পোৱা মতে, প্ৰতিটো বিজ্ঞাপনত অমিতাভে পায় তিনিৰ পৰা আঠ ক্ৰৰ লৈকে। তথাপি ভাৰতৰ সৰ্বাধিক আৰ্জন কৰা অভিনেতা হ’ল শ্বাহৰুখ খান। পিছে, গুটখা ৰ বিজ্ঞাপন হে অমিতাভে কৰিব নালাগিছিল।
নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অমিতাভে বহু বছৰৰ পৰা ভাত, মাছ, মাংস, মদ আৰু চিগাৰেট খোৱা বন্ধ কৰিছিল। অমিতাভক PETA ই তিনি বাৰকৈ ‘hottest vegetarian ‘ উপাধি প্ৰদান কৰিছে।
KBC ৰ বাইশ বছৰীয়া জনপ্ৰিয়তা কেৱে নুই কৰিব নোৱাৰে। বিভিন্ন কথা জানিবলৈ পোৱাৰ উপৰিও অমিতাভৰ সন্মোহন শক্তিৰে ভৰা ব্যক্তিত্বৰ বাবেও KBC আজি জনপ্ৰিয়তাৰ শিখৰত। ভাৰতৰ বাহিৰেও বিদেশতো যে অমিতাভৰ জনপ্ৰিয়তা আছে , সেই বিষয়ে মই নিজেই দুঠাইত দেখিছো ।
ভেনিচ লৈ যাওঁতে কেইবাজনো ইটালীয়ানে মই ভাৰতৰ পৰা যোৱা বুলি শুনি অমিতাভৰ কথাকে সুধিছিল আৰু তুৰ্কী তো ফুৰিবলৈ অহা বেলজিয়ামৰ দল এটাই মোক অমিতাভৰ বিষয়ে সোধাত বেছ গৰ্ব অনুভৱ কৰিছিলো।
মুম্বাইত জুহু ৰ ফালে নিশা গলে, দেখা যায়, অমিতাভৰ ‘ জলসা ‘ নামৰ বাসভবনৰ সন্মুখত গুণমুগ্ধৰ ভীৰ ,কিয়নো মুম্বাইত থাকিলে ৰাতি এবাৰ হলেও অমিতাভে অনুগামী সকলক দেখা দিবলৈ চেষ্টা কৰে।
এইজন জনপ্ৰিয় লোকলৈ জন্মদিনৰ শুভকামনা হিচাবে অলপ লিখিলো।
দেৱীকা বৰপূজাৰী
মুম্বাই।