আশীৰ্বাদেই উৎকৃষ্ঠ উপহাৰ- কল্পনা দত্ত

pc- Judy Douglass

আশীৰ্বাদেই উৎকৃষ্ঠ উপহাৰ

কল্পনা দত্ত

 

সকলো নাৰীৰে মনৰ মাজত মাতৃত্বৰ এখনি ছবিয়ে দোলা  দি থাকে। সৰুৰে পৰাই এজনী ছোৱালীয়ে পুতলাবোৰ কেঁচুৱাৰ দৰে নিচুকাই মাতৃ হʼব খোজে। সকলো নাৰীৰে শিশু কালৰ পৰায়ে সপোন থাকে মাতৃ হোৱাৰ। এই সপোন তেতিয়াহে পূৰণ হয় যেতিয়া বাস্তৱত দহ মাহ দহ দিন গৰ্ভত ৰাখি অশেষ  কষ্টেৰে শিশু এটি জন্ম দিয়ে। সকলো দুখ কষ্টৰ ওৰ পৰে মাতৃ হৃদয় আনন্দই নধৰা হয় কঁহুৱা কোমল শিশুৰ মুখখন দেখিলে। এয়াই আৰম্ভণি শিশু এটিৰ জীৱন পৰিক্ৰমা।পিতৃ-মাতৃয়ে অশেষ কষ্টেৰে শিশুটিক প্ৰতিপালন কৰিবলৈ তৎপৰ হৈ পৰে।

     শিশুটিৰ জন্মৰ বছৰ বছৰ বাগৰি যায়, লাহে লাহে বয়স বাগৰি যায়। প্ৰত্যেক বছৰতে শিশুটিৰ জন্ম তাৰিখটি মোহনীয় কৰি তুলিবৰ বাবে বা জন্ম তাৰিখটি বিশেষ দিন হিচাপে পৰিগণিত কৰিবলৈ পিতৃ-মাতৃয়ে জন্মদিন উদযাপন কৰে অতি ধুমধামেৰে।

     বৰ্তমান সমাজত যেন জন্মদিন পতাৰ এক অঘোষিত প্ৰতিযোগীতাহে চলিছে। আৰ্থিকভাৱে সবল মানুহৰ বাবে কোনো সমস্যাৰ সৃষ্টি নহয় যদিও দুৰ্বল শ্ৰেণীৰ বাবে বহুতো আহুকালৰ সৃষ্টি হয়। যিহেতু আনৰ জন্মদিনলৈ যাব লগা হয় সন্তানৰ দাবীত, একেলগে পঢ়া শিশুবোৰৰ বন্ধু-বান্ধৱীৰ মাজত ধনী-দুখীয়া সকলো শ্ৰেণীৰ মানুহ থাকে, সেইবাবে ধনী-দুখীয়া সকলো অনিচ্ছা সত্ত্বেও যাব লগা হয়। কেৱল শিশু বুলি নহয় ডাঙৰ লʼৰা-ছোৱালীৰো জন্মদিন অভিভাৱকে পাতে ডাঙৰ ডাঙৰ হোটেলত। যাৰ ফলত বন্ধু-বান্ধৱীৰ সৈতে ৰাতি ৰাতি পাৰ্টী কৰে। নিশা যিমানেই গভীৰ হয় তেওঁলোকৰ পাৰ্টীত নিচা জাতীয় দ্ৰব্যই স্থান পায়। বিশৃংখল কিছুমান গানৰ তালে তালে অৰ্ধ উলংগ হৈ উত্তাল নৃত্য কৰি সভ্যতাৰ সীমা চেৰাই যায়। জন্মদিনৰ দৰে পৱিত্ৰ দিন এটি কলুষিত কৰি তোলে। এইবোৰে যুৱ-সমাজক উচ্ছৃংখল কৰি তোলাৰ লগতে বহু অনাকাংক্ষিত ঘটনাও নোহোৱাকৈ থকা নাই।

     এই দৰে অযথা খৰচ কৰি জন্মদিন পাতি আনৰ মনত দুখ দিয়াতকৈ বা সমাজত উচ্ছৃংখলতাৰ সৃষ্টি কৰাতকৈ সন্তানৰ এই পৱিত্ৰ দিনটো অতি মোহনীয় আৰু মনত থাকি যোৱাকৈ পাতিব নোৱাৰিনে? এই বিশেষ দিনটোত আৰ্তজনক অলপ সহায়ৰ হাত আগবঢ়াই বা অনাথ আশ্ৰমত গৈ অনাথ শিশুবোৰক অলপ খাদ্য যোগান ধৰি, বৃদ্ধাশ্ৰমত গৈ বৃদ্ধাসকলৰ লগত অলপ বাৰ্তালাপ কৰিলে সন্তানৰ জন্মদিনটিত প্ৰাণভৰা আশীৰ্বাদ পোৱা যাব। দুখীয়াক দান- দক্ষিণা দিব পৰাটোৰ সমান আনন্দ হয়তো আৰু একো নাই। নাইবা মন্দিৰত গৈ শৰাই এখন আগবঢ়ায়ো সন্তানৰ জন্মদিনটো অতুলনীয় কৰি তুলিব পাৰি। সন্তানেও তেতিয়া এখন নিকা হৃদয়ৰ অধিকাৰী হৈ সুনাগৰিক হিচাপে নিজকে গঢ়ি তুলিব পাৰিব।

     আহক আমি সকলোৱে মিলি লʼৰা-ছোৱালী বা সন্তানৰ এই বিশেষ দিনটো অতুলনীয়, মোহনীয় কৰি তোলো আৰু আৰ্তজনৰ আশীৰ্বাদতকৈ উৎকৃষ্ট উপহাৰ হয়তো একো বস্তৱেই নহʼব।