আশা
ৰামেশ্বৰ নাথ
আশা বোৰ চাগে এনেকুৱাই হয়,
য’ত নিৰাশাৰ পম খেদি ফুৰা
এজাক মৃদু পৱনে
হৃদয়ৰ নিভৃত কোণত খুন্দা খাই
স্বত:স্ফুৰ্ত ভাৱে এক অবুজ
অনুভৱৰ সঞ্চাৰিত হয় ।
পৰবৰ্তী সময়ত বিবেকৰ অজ্ঞাতে
হৃদয়ত কিবা এটা পোৱাৰ
হেঁপাহ জাগি উঠে ।
আৰু অন্তৰৰ পৰা
গোপনীয়তাই প্ৰাপ্তিৰ স্বীকৃতি বিচাৰে ।
সেয়াই চাগে আশা
যাক নিৰাশাই কেতিয়াও
বাধা দি ৰাখিব নোৱাৰে ।