আশা সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ চতুৰ্থ বাৰ্ষিক অধিবেশন
ৰঙিলী বাৰ্ত্তাসেৱা- আশা সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ চতুৰ্থ বাৰ্ষিক অধিবেশনখনি ৬/১০/২০২৪ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত হৈ যায় ৷ সভাত উপস্থিত থাকে বিশিষ্ট আতিথি ডা° অঞ্জনজ্যোতি চৌধুৰী ড° ডালিমী কোঁৱৰ এডভোকেট ছত্ৰ দাস ডাঙৰীয়া ৷ অনুষ্ঠানৰ আৰম্ভণি কৰে বন্তি প্ৰজ্বালনে মুখ্য প্ৰশাসিকাই আৰু এটি কোৰাছেৰে ৷স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মুখ্য প্ৰশাসক অনিতা গগৈয়ে ৷ ডা°অঞ্জনজ্যোতি চৌধুৰী দেৱৰ ৰসাল ভাষণ আৰু এটি গানেৰে সকলোকে আমোদ দিয়ে ৷এটি দিহা নাম পৰিবেশন কৰে ৷ সভাত নখন গ্ৰন্থ উন্মোচন কৰা হয় ক্ৰমে= অনিতা গগৈ উপন্যাস “লক্ষ্যহীন” প্ৰাণ প্ৰতিমাৰ “প্ৰৱন্ধ-নিৱন্ধ আৰু মনৰ অনুভৱ ” ঊষা ৰাণী দত্তৰ “অণুগল্পৰ দেশ” মালিনী শইকীয়াৰ “গুঞ্জৰণ” দময়ন্তী দত্ত “অণুভৱৰ বুৰবুৰণি” বিভা মহন্তৰ “বহমথুৰি ” কৰবি গগৈ দুৱৰা“এজাৰ আৰু ৰাধাচূড়াৰ হাঁহি ” অনামিকা কলিতাৰ “লিমাৰিক” ৷ লগতে অণুগল্প, কবিতা আৰু গানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ লেখিকা সকলক সন্মান জনোৱা হয় একোখনকৈ মানপত্ৰৰে। প্ৰাণ প্ৰতিমাৰ গান আৰু সদস্যাসকলৰ নাচেৰে মঞ্চখনি জীপাল কৰি তোলে আৰু অনুষ্ঠানটি সামৰণি পৰে ৷