অণুগল্প
আশাৰ সমাধি
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
বিনিতাৰ মাকৰ আশা আছিল ছোৱালীক ডাক্তৰ হোৱা দেখিব।
সৰুৰে পৰা তাইৰো এয়াই সপোন।নিজে যথেষ্ট চেষ্টাও কৰি আছে ।
হঠাৎ এদিন কলেজৰ পৰা আহোঁতে তীব্ৰ বেগী বাইক এটাই খুন্দিয়াই থৈ গ’ল তাইক।
তাইৰ সপোন , তাইক লৈ কৰা মাকৰ আশা সকলোবোৰ যেন সমাধিস্থ হ’ল।
