অণুগল্প
আশাৰ বৰষুণজাক
বিজুলতা পায়েং,গোগামুখ
দোবালপিটা বৰষুণজাক পাই বাপুৰামে ৰাতিপুৱাৰ পৰা ৰ’দ-বৰষুণ নেওচি দিন-দূপৰীয়ালৈকে হাল বোৱাত লাগিল। আশাৰ বৰষুণজাকত কঠিয়াখিনি পাৰিব পাৰি বাপুৰামৰ পেটৰ ভোকো আনন্দত আঁতৰিল ।
বহু অপেক্ষাৰ অন্তত খৰাং হৈ থকা মৰমৰ পথাৰখনত এজাক বৰষুণৰ আগমনে বাপুৰামৰ জীৱনলৈ সেউজী আশাৰ বতৰা কঢ়িয়াই আনিলে ।
