আলাস্কাত ইউক্রেইনক লৈ ট্রাম্প আৰু পুটিনৰ বৈঠক

আলাস্কাত ইউক্রেইনক লৈ ট্রাম্প আৰু পুটিনৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত  সম্পন্ন    আমেৰিকান  ৰাষ্ট্ৰপতি  নাল্ড  ট্ৰাম্প  আৰু  ৰাছিয়াৰ  ৰাষ্ট্ৰপতি ভ্লাদিমিৰ  পুটিনৰ বহু প্রতীক্ষিত বৈঠক ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলাই থকা সামৰিক আক্ৰমণ তথা যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ লক্ষ্যৰে বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকখন সুকলমে পাৰ হৈ গ’ল। আলাস্কাত আয়োজিত ট্রাম্প আৰু পুটিনৰ বৈঠকক লৈ বিশ্বজুৰি চলি থকা উদ্বিগ্নতা আৰু জল্পনা-কল্পনাৰ সামৰণি পৰিলেও এই বৈঠকে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধবিৰতি চুক্তি কৰিবনে তাক লৈ চৰ্চা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই আলাস্কাৰ আকাশত যুদ্ধবিমান আৰু আন বিমানেৰে নিৰাপত্ত বেহু গঢ়ি তুলি আদৰণি জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম প্ৰান্তৰ আলাস্কাত ট্রাম্প আৰু পুটিনে কেইবাঘণ্টা ধৰি আলোচনাত মিলিত হয়।  মন কৰিবলগীয়া যে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই ট্রাম্পে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধবিৰতিক লৈ বহু প্রচেষ্টা চলায় যদিও আগবাঢ়ি গৈও পিছলৈ এই প্রচেষ্টা ব্যর্থ হয়। অৱশেষত প্ৰতিনিধিৰ পৰিৱৰ্তে প্ৰত্যক্ষভাৱে ট্রাম্পে পুটিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ প্রতি আগ্রহী হয় আৰু দুয়ো দেশৰ প্ৰতিনিধিয়ে ১৫ আগষ্টত আলাস্কাত ট্রাম্প আৰু পুটিনৰ বৈঠক নিশ্চিত কৰে। প্ৰাৰম্ভিক পৰ্যায়ত এই বৈঠক অনুষ্ঠিত হ’ব নে নহ’ব তাক লৈ আশংকা আছিল যদিও অৱশেষত নিৰ্ধাৰিত তাৰিখতে বৈঠকখন অনুষ্ঠিত হৈ যায়। কেইবাঘণ্টাজোৰা বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই যুটীয়া সংবাদ মেলত আলোচনাৰ সময়খিনি অতি গঠনমূলক আৰু পাৰস্পৰিক মিলাপ্ৰীতিৰ পৰিৱেশেৰে পাৰ হৈ যায় বুলি প্রকাশ কৰে। অকল এয়াই নহয়, বৈঠকখন প্রায় ফলপ্রসূ হোৱা বুলিও দুয়োগৰাকী নেতাৰ ভায়াত ইংগিত পোৱা যায়। সংবাদ মেলৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে ইউক্রেইনক লৈ ট্রাম্পৰ সৈতে এক বুজাবুজিত উপনীত হৈছে। কিন্তু ইউৰোপে যাতে এই বুজাবুজিক লৈ খেলিমেলি নকৰে, তাৰো সকীয়নি দিয়ে। আনপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনক কটাক্ষ কৰি ৰুছ ৰাষ্ট্ৰপতি পুটিনে কয় যে ২০২২ চনত হোৱাইত হাউছত ট্রাম্প থকাহেঁতেন ইউক্রেইনৰ সৈতে যুদ্ধখন আৰম্ভ নহ’লহেঁতেন। আনহাতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে এই আলোচনা ফলপ্রসূ হোৱা বুলি সংবাদ মেলত সদৰী কৰে। আলাস্কাত বহুচর্চিত বৈঠকখন গঠনমূলকভাৱে সামৰণি পৰাৰ পাছত পৰৱৰ্তী বৈঠক মস্কোত হ’ব বুলিও পুটিনে প্রতিশ্রুতি দিয়ে। ইপিনে ইউক্রেইনক লৈ ট্রাম্প আৰু পুটিনৰ বৈঠক সামৰণি পৰাৰ পাছত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কীয়ে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক সাক্ষাতৰ বাবে দিন নির্ধাৰণ কৰিছে। অহা সোমবাৰে ৱাম্বিংটনত ৰাষ্ট্ৰপতি ট্রাম্পক সাক্ষাৎ কৰিব জেলেনস্কীয়ে। পুটিনৰ সৈতে ট্রাম্পে কিধৰণৰ বাৰ্তালাপ কৰিলে, এই সন্দৰ্ভত জেলেনস্কীয়ে ট্রাম্পক সাক্ষাৎ কৰিব। ইপিনে ট্রাম্প আৰু পুটিনৰ বৈঠকক আদৰণি জনাইছে ভাৰতে। ইউক্রেইন যুদ্ধৰ পৰিসমাপ্তি ঘটাবলৈ আলোচনাক সমর্থন জনাই ভাৰতে ট্রাম্প আৰু পুটিনৰ বৈঠকক প্রশংসা কৰে। কেন্দ্ৰীয় বৈদেশিক মন্ত্রালয়ে বিবৃতিযোগে বৈঠকখন ফলপ্রসূ হোৱাৰ লগতে শান্তিৰ দিশে এখোপ আগবঢ়াত ট্রাম্প আৰু পুটিনৰ প্ৰচেষ্টাক প্রশংসা কৰে।