আলাপ- শিখা গোস্বামী মহন্ত

আলাপ

সহজ ভাবেই আমি আঁতৰি আহিছোঁ

ইজনৰ পৰা সিজন

এক কথাত সহজ এই বিচৰণ…

সহজ ভাবেই আমন্ত্ৰণৰ এই বিষাদ

সহজ সৰল শব্দৰ আদানপ্ৰদান

দৈনিক কথোপকথনৰ পৰা এশযোজনৰ

এই নিস্তৰঙ্গ নিবাক নিশব্দতাৰ আৱৰণ…

উমলিজামলি আমি ময় এক মধুৰ অৱগুণ্ঠন

তৰপেতৰপে গুঠাঁ শব্দৰ আলম

পবালি পবালি একাজলি সুখ…

সহজ বুলিও কেনেকৈ কওঁ

ইমান সহজ নে এই দূৰত্বৰ অৱস্থান!

 

শিখা গোস্বামী মহন্ত