আলাপ’ৰ ১৩০সংখ্যক বৈঠক সম্পন্ন

আলাপ’ৰ ১৩০সংখ্যক বৈঠক সম্পন্ন

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- শলগুৰি মৌজাৰ ব্যতিক্ৰমী বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান ‘আলাপ’ৰ ১৩০ সংখ্যক চ’ৰাঘৰীয়া বৈঠকখনি অলপতে কালুগাও নিবাসী তথা বৰপাত্ৰদ’ল উচ্চ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল বৰঠাকুৰৰ গৃহত অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ দত্তৰ সঞ্চালনাত আলাপৰ আহ্বায়ক প্ৰণৱ বৰাই আত ধৰা আলাপৰ মূল বিষয় আছিল ‘ ড’ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱন আৰু সাহিত্য-কৃতি’। মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি নিবন্ধকাৰ হৰেন চন্দ্ৰ নাথে প্ৰথম ‘জ্ঞানপীঠ’ বিজয়ীগৰাকীৰ জীৱন আৰু সাহিত্য-কৃতিৰ সম্যক আলোচনা আগবঢ়ায়। সহযোগী আলোচক হিচাপে লেখক তথা কালুগাও উ:মা: বিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ প্ৰাণ ভট্টাচাৰ্যৰ ৰচনাৰ বৈচিত্ৰ আৰু বৈশিষ্ট্য সম্পৰ্কে এটি লেখা পাঠ কৰে। সাহিত্যিক জনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ টৌকা পাঠ কৰে বিশিষ্ট আলাপী তথা শ্বহীদ পিয়লি ফুকন কলেজৰ অৱসৰী উপাধ্যক্ষ ড’ ৰঞ্জন ফুকনে। লেখক বিৰিঞ্চি কুমাৰ দাসৰ এটি লেখা পাঠ কৰে অতুল বৰঠাকুৰে। আলাপৰ শ্ৰষ্টা বিশিষ্ট সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞাই ড’ ভট্টাচাৰ্যৰ সাহিত্যিক অৱদান সম্পৰ্কত বহুখিনি তথ্য উল্লেখ কৰাৰ লগতে সদ্যপ্ৰয়াত কবি ৰবীন্দ্ৰ সৰকাৰলৈ শ্ৰদ্ধাঞ্জলি জনাই কবিজনাৰ ‘কথা, নীৰৱতা’ কবিতাটো পাঠ কৰে। বৈঠকত প্ৰণৱ বৰুৱাকে ধৰি পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।