আলফা স্বাধীনৰ নেতা ৰূপম অসমক নিয়াৰ জেৰা

আলফা স্বাধীনৰ নেতা ৰূপম অসমক নিয়াৰ জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে সংযুক্ত মুক্তিবাহিনী অসম (স্বাধীন)ৰ ব্ৰিগেডিয়াৰ ৰূপম অসম ওৰফে যাক কান্ত বৰাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আনুষ্ঠানিকভাৱে জিম্মাত লৈছে। সূত্ৰসমূহে নিশ্চিত কৰিছে যে আলফা (স্বাঃ)ৰ জ্যেষ্ঠ কেডাৰগৰাকীক যোৱা তিনিদিন ধৰি গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ নিয়াৰ কাৰ্যালয়ত তীব্ৰ জেৰা অব্যাহত ৰাখিছে। হত্যা, অপহৰণ, সশস্ত্ৰ বিদ্ৰোহীৰ কাৰ্যকলাপকে ধৰি গুৰুতৰ অপৰাধৰ সৈতে জড়িত কেইবাটাও গোচৰৰ মূল অভিযুক্ত ৰূপম অসম। উত্তৰ-পূবত চলি থকা বিদ্ৰোহী নেটৱৰ্কৰ ওপৰত ব্যাপক দমনৰ অংশ হিচাপে নিয়াই পূৰ্বে তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছিল। জানিব পৰা মতে,  তেওঁৰ আনুষ্ঠানিক জিম্মা নিশ্চিত হোৱাৰ লগে লগে নিয়াই আলফা নেতাগৰাকীৰ সৈতে জড়িত পূৰ্বৰ ঘটনাৰ গোচৰৰ ফাইলসমূহ পুনৰ মুকলি কৰিছে। সুদীৰ্ঘ সময় ধৰি কোনো গোপন স্থানত  থকা ৰূপম অসমৰ বিৰুদ্ধে কেতবোৰ গোচৰৰ তদন্ত দীৰ্ঘদিন ধৰি চলোৱা হোৱা নাছিল। অনাগত দিনত আৰু অধিক তথ্য লাভৰ সম্ভাৱনা আছে যদিও আদালতত তেওঁক কোন বিশেষ অভিযোগৰ অধীনত হাজিৰ কৰা হ’ব সেই বিষয়ে এতিয়াও এন আই এয়ে প্ৰকাশ কৰা নাই।