আলফা (স্বাঃ)ৰ শীৰ্ষ কেডাৰ অৰুণোদয় দহোটীয়াৰ আত্মসমর্পণ
ৰঙিলী বাৰ্ত্তাসেৱা- আলফা স্বাধীনত পুনৰ মোক্ষম আঘাত ৷ ২৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই অৱশেষত মূলসুঁতিলৈ প্রত্যাৱৰ্তন কৰিলে আলফা (স্বাঃ)ৰ মেজৰ জেনেৰেল, জ্যেষ্ঠ নেতা অৰুণোদয় দহোটীয়া ওৰফে বিজিত (গগৈ) বৰুৱা। ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ পাংচুপাছত আলফা নেতা অৰুণোদয় দহোটীয়াই দেহৰক্ষী ফ্রান্সিছ অসমসহ আছাম ৰাইফলছ আৰু অসম আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে। উল্লেখ্য যে সংগঠনৰ বিত্ত বিভাগৰ গুৰুদায়িত্বত থকা আলফা নেতাগৰাকী ম্যানমাৰৰ ৭৭৯নং শিবিৰ পৰিচালনাৰ দায়িত্বতো আছিল। সংগঠনটোৰ নিম্ন সদনৰ সাধাৰণ সম্পাদকৰ দৰেই গুৰুদায়িত্বত এসময়ত কার্যনির্বাহ কৰা দহোটীয়াই সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাৰো সোঁহাতস্বৰূপ আছিল। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নাদুৱা গোহাঁইগাঁও নিৱাসী অৰুণোদয় দহোটীয়াই ২০০১ চনত ব’হাগ বিহুৰ সময়ত নিজৰ গাঁৱত হুঁচৰি গাই থকা অৱস্থাতে ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি ২০০২ চনত আলফা (স্বাঃ)ৰ সক্ৰিয় কেডাৰ হিচাপে আত্মপ্রকাশ কৰা অৰুণোদয় দহোটীয়াই শেহতীয়াকৈ কাকপথাৰৰ সেনা শিবিৰত গ্রেনেড নিক্ষেপৰ পৰা আৰম্ভ কৰি উজনি অসমত কেইবাটাও গুৰুত্বপূর্ণ অপাৰেচনৰ দায়িত্বত আছিল। এসময়ত অসম আৰক্ষী তথা কেন্দ্ৰীয় নিৰাপত্তাৰক্ষীৰ বাবে মূৰৰ কামোৰণিস্বৰূপ হৈ পৰা অৰুণোদয় দহোটীয়াক কৰায়ত্ত কৰিবলৈ কেইবাবাৰো আৰক্ষীয়ে অভিযান চলায়ো ব্যর্থ হৈছিল। আলফা (স্বাঃ) ৰ বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত দহোটীয়াই সংগঠনৰ আৰ্থিক দিশ চোৱাচিতা কৰিছিল। সংগঠনটোৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত দহোটীয়াৰ আত্মসমর্পণে নিশ্চিতভাৱে আলফা (স্বাঃ)ক আগন্তুক সময়ত নিশকতীয়া কৰি পেলাব। জ্যেষ্ঠ আলফা নেতাগৰাকীয়ে নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰাৰ পাছতে বহু প্রশ্ন উত্থাপন হৈছে। জানিব পৰা মতে, আত্মসমর্পণৰ সময়ত দহোটীয়া আৰু তেওঁৰ দেহৰক্ষীয়ে দুটা নাইন এম এম পিষ্টল, চাৰিটা মেগজিন, নাইন এম এম পিষ্টলৰ ৫২ জাঁই সক্রিয় গুলী, তিনিটা স্মার্টফোন, এটা কীপেড ফোন, এটা টেবলেট, দুটা টর্চলাইট আৰু এটা ছেটেলাইট ফোনসহ ভালেসংখ্যক আপত্তিজনক সামগ্রী নিৰাপত্তাৰক্ষীৰ হাতত জমা দিয়ে। অসম আৰক্ষীৰ প্ৰতিনিধি হিচাপে ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অৰুণাচল প্ৰদেশৰ পাংচুপাছত উপস্থিত হৈ জ্যেষ্ঠ আলফা নেতাজনক অসমলৈ আনে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, জ্যেষ্ঠ আলফা নেতাজনক দেহৰক্ষীসহ গুৱাহাটীলৈ অনা হ’ব। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানসহ কেন্দ্ৰীয় নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়াই আলফা নেতাজনক জেৰা চলাব। আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত আলফা স্বাধীনৰ সৈতে আলোচনা আৰু অৰুণোদয় অসমৰ আত্মসমর্পণ সন্দৰ্ভত কয়, মই জনাত তেওঁলোক দিল্লীলৈ নাযায়, তিনিচুকীয়াতে থাকিব। খুব বেছি ডিজিপিক লগ কৰিবৰ কাৰণে গুৱাহাটীলৈ আহিব পাৰে। কিন্তু দিল্লীলৈ লৈ যোৱা আদিৰ পৰিকল্পনা অসম চৰকাৰৰ নাই। তেনেকুৱা কোনো চিন্তা-ভাবনাও নাই। আলফা (স্বাধীন) ৰে আলোচনা পৰেশ বৰুৱা অবিহনে সফল নহয় বুলি তেওঁ মন্তব্য কৰে। এইক্ষেত্রত তেওঁ কয় যে আলোচনা হ’লে পৰেশ বৰুৱাৰ লগত হ’ব লাগিব। বেলেগৰ লগত আলোচনা কৰি কোনো লাভ নহ’ব। পৰেশ বৰুৱাৰ লগত আলোচনা নকৰি বেলেগৰ লগত কৰিলে কিবা লাভ হ’ব বুলি মই ব্যক্তিগতভাৱেরে নাভাবোঁ।
