আলফাই প্রত্যাক্রমণ নকৰে কাৰণ তেওঁলোক অসমৰে হয়ঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ম্যানমাৰস্থিত আলফা শিবিৰত হোৱা ড্রোন আক্ৰমণৰ ঘটনাৰ পাছতে বিদ্রোহী সংগঠনটোৱে প্রত্যাক্রমণ কৰাৰ সম্ভাৱনাক লৈ সৃষ্টি হৈ থকা শংকাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এনে সম্ভাৱনাক অস্বীকাৰ কৰে। মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমৰ আগত কয়-আলফা (স্বাধীন)-এ প্রত্যাক্রমণ নকৰে। কাৰণ তেওঁলোক অসমৰে হয়। অসমৰ ভালৰ বাবে তেওঁলোকে আন্দোলন কৰি আছে। অসমৰ বেয়া কিয় কৰিব? তেওঁলোকে বোমা দিলে অসমৰ মাটি যাব, অসমৰে স্কুল ধ্বংস হ’ব, অসমৰে ৰাস্তা যাব। গতিকে মই ভাবোঁ আলফাই প্রত্যাক্রমণ নকৰে। মুখ্যমন্ত্রী ড° শর্মাই কয়- এইক্ষেত্ৰত মই আলফাৰ প্ৰত্যাক্ৰমণৰ কোনো সম্ভাৱনা দেখা নাই। উল্লেখ্য যে আলাফাৰ শিবিৰত চলা ড্রোন আক্ৰমণত তিনিগৰাকীকৈ আলফা কেদাৰ নিহত হোৱা বুলি সংগঠনটোৱে স্বীকাৰ কৰিছিল। আলোচনাৰ মাজতে এনে আক্রমণক লৈ ক্ষুব্ধ বিদ্রোহী সংগঠনটোৱে প্রত্যাক্ৰমণৰ সম্ভাৱনাক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে।
