আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত বিশ্ব হোমিঅ’পেথি দিৱস উদযাপন

আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত বিশ্ব হোমিঅ’পেথি দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব হোমিঅ’পেথি দিৱস উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্রীয় হোমিঅ’পেথি গৱেষণা পৰিষদৰদ্বাৰা এদিনীয়া বৈজ্ঞানিক সন্মিলনৰ আয়োজন কৰা হয়। সন্মিলনৰ বিষয়বস্তু আছিল “হোমিঅ’পৰিয়াল – সর্বজন স্বাস্থ্য, এক স্বাস্থ্য, এক পৰিয়াল”। এই সন্মিলনৰ উদ্দেশ্য হৈছে পৰিয়ালৰ সুস্বাস্থ্য, সুস্থতা আৰু আৰোগ্যৰ বাবে প্ৰমাণ-আধাৰিত হোমিঅ’পেথিক চিকিৎসাৰ প্ৰসাৰ কৰা, হোমিঅ’পেথিক চিকিৎসকৰ দক্ষতা অধিক বৃদ্ধি কৰা আৰু পৰিয়ালসমূহৰ মাজত পছন্দৰ চিকিৎসা হিচাপে হোমিঅ’পেথিৰ সম্প্ৰসাৰণ কৰা। অনুষ্ঠানটোৰ মুখ্য অতিথি দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েই ভাষণত কয়, “স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আমাক এক বিস্তৃত আৰু একত্ৰিত দৃষ্টিভংগীৰ প্ৰয়োজন। মই নিশ্চিত যে, এই অনুষ্ঠানটোৱে গুণগত স্বাস্থ্যসেৱাৰ দিশত নতুন চিন্তা-চেতনাৰ সূচনা কৰিব আৰু ভাৰতীয় জনজীৱনত হোমিঅ’পেথিৰ গুৰুত্ব অধিক বৃদ্ধি কৰাৰ পথ প্রশস্ত কৰিব। হোমিঅ’পেথি প্ৰকৃতিৰ সৈতে সম্পর্কিত আৰু ই দ্রুতগতিত বিকশিত ঔষধ প্রণালী হিচাপেও অভিহিত হৈছে।” উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত হোমিঅ’পেথিৰ ভূমিকাৰ উদাহৰণ দি কয় যে, মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত হোমিঅ’পেথিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টাৰ বাবে আৰু পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰসাৰৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ জবাবে আয়ুষ মন্ত্ৰালয়ক উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰে। কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আয়ুষ মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে আৰু মন্ত্ৰালয়ে পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰমাণ-আধাৰিত গৱেষণা তীব্ৰতৰ কৰিছে বুলি উল্লেখ কৰে। তেখেতে লগতে কয়, “হোমিঅ’পেথিৰ গুণগত মানৰ গৱেষণাত সহায়ক হোৱাকৈ আয়ুষ মন্ত্ৰালয়ে ইয়াৰ বাজেট আবণ্টন বৃদ্ধি কৰিছে আৰু হোমিঅ’পেথি শিক্ষাৰ প্ৰসাৰতো প্রাধান্য দিছে। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আয়ুষ খণ্ডৰ সবলীকৰণত বিশেষ গুৰুত্ব দিয়াৰ বাবেই হোমিঅ’পেথিকে ধৰি পৰম্পৰাগত চিকিৎ‍সা প্ৰণালীৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণ সম্ভৱ হৈ উঠিছে, যাৰ জৰিয়তে সৰ্বস্তৰৰ লোক উপকৃত হৈ আছে।” হোমিঅ’পেথিৰ উন্নতিৰ বাবে নিৰৱচ্ছিন্ন প্রচেষ্টা অব্যাহত ৰাখিবলৈ সোণোৱালে সংশ্লিষ্ট সকলোকে আহ্বান জনায়।ক’ভিড-১৯ আৰ্চেনিকাম এলবামৰ ৰোগ প্ৰতিৰোধ সঁহাৰিৰ সন্দৰ্ভত নিদানিক পৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় হোমিঅ’পেথি গৱেষণা পৰিষদ আৰু কেৰালা চৰকাৰৰ হোমিঅ’পেথি বিভাগৰ মাজত এখন চুক্তি সম্পন্ন হয়। হোমিঅ’পেথি শিক্ষাৰ প্ৰসাৰ আৰু গৱেষণাক গতি প্ৰদান কৰাৰ বাবে পৰিষদে ৭০ খন ৰাজ্যিক/ৰাষ্ট্ৰীয় হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে। তদুপৰি, আজি হোমিঅ’পেথিৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। কেন্দ্ৰীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু জনসাধাৰণৰ মাজত হোমিঅ’পেথিৰ সুফল সম্পর্কে অধিক সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। এই বৈজ্ঞানিক সন্মিলনত হোমিঅ’পেথিৰ বিভিন্ন দিশ সামৰি আলোচনা চক্র অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপৰি উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই, মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা, মন্ত্ৰালয়ৰ আৰু কেন্দ্রীয় হোমিঅ’পেথি গৱেষণা পৰিষদৰ অন্যান্য বিষয়ববীয়াসকল, বিশেষজ্ঞসকল, ছাত্র-ছাত্ৰী আৰু গণ্য-মান্য ব্যক্তিসকল।