আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক ৰাজ্যসভাৰ পৰা নিলম্বিত
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমী পাৰ্টিৰ (আপ) সাংসদ সঞ্জয় সিঙকসদনত তেওঁৰ “উচ্ছৃংখল আচৰণ”ৰ বাবে চলিত সপ্তাহৰ বাকী দিনবোৰৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হৈছে, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে কয়। উপাধ্যক্ষ হৰিবংশে নিয়ম ২৫৬ প্ৰয়োগ কৰে আৰু কাগজ-পত্ৰ ছিঙি চকীত দলিয়াই দিয়াৰ বাব তেওঁক নিলম্বিত কৰে। ১৯ জন বিৰোধী সাংসদক সদনত তেওঁলোকৰ উচ্ছৃংখল আচৰণৰ বাবে নিলম্বিত কৰাৰ এদিন পিছত এই নিলম্বন কৰা হৈছে।